অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {গুহাত থকাৰ সময়ত দায়ুদৰ ৰচিত মচকীল নামৰ গীত। এটি প্ৰাৰ্থনা। } [QS]মই চিঞঁৰি যিহোৱাৰ ওচৰত ক্রন্দন কৰিলোঁ, [QE][QS]মই নিজ স্বৰেৰে যিহোৱাৰ আগত মিনতি কৰিলোঁ। [QE]
2. [QS]মই মোৰ দুখৰ কথা তেওঁৰ আগত ভাঙি ক’লো, [QE][QS]তেওঁৰ আগত মোৰ কষ্টৰ কথা জনালোঁঁ। [QE]
3. [QS]মোৰ আত্মা যেতিয়া অন্তৰত ব্যাকুল হয়, [QE][QS]তেতিয়া তুমি মোৰ পথ জানা; [QE][QS]মই অহা-যোৱা কৰা পথত লোকবোৰে মোৰ বাবে গোপনে ফান্দ পাতিলে; [QE]
4. [QS]মোৰ সোঁ ফালে দৃষ্টি কৰি চোৱা, [QE][QS]মোৰ খবৰ লওঁতা কোনো নাই; [QE][QS]মোৰ বাবে আশ্রয় স্থান নাই, [QE][QS]মোৰ বাবে কোনেও চিন্তা নকৰে। [QE]
5. [QS]হে যিহোৱা, মই তোমাৰ ওচৰত ক্রন্দনৰে কৈছো, [QE][QS]“তুমিয়েই মোৰ আশ্ৰয়, জীৱিত লোকৰ দেশত তুমিয়েই মোৰ অধিকাৰ।” [QE]
6. [QS]তুমি মোৰ কাকুতিলৈ মনোযোগ দিয়া, [QE][QS]কিয়নো মই অতি অসহায় অৱস্থাত পৰিছোঁ; [QE][QS]মোৰ তাড়নাকাৰীবোৰৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, [QE][QS]কাৰণ তেওঁলোক মোতকৈ শক্তিশালী। [QE]
7. [QS]কাৰাগাৰৰ পৰা মোৰ প্রাণ মুক্ত কৰা, [QE][QS]যেন মই তোমাৰ নামৰ ধন্যবাদ কৰিব পাৰোঁ; [QE][QS]ধাৰ্মিকসকলে মোক চাৰিওফালে ঘেৰি ৰাখিব; [QE][QS]কাৰণ তুমি মোলৈ প্রচুৰ মঙ্গল কৰিবা। [QE]

ৰেকৰ্ডসমূহ

মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 142 / 150
1 {গুহাত থকাৰ সময়ত দায়ুদৰ ৰচিত মচকীল নামৰ গীত। এটি প্ৰাৰ্থনা। } মই চিঞঁৰি যিহোৱাৰ ওচৰত ক্রন্দন কৰিলোঁ, মই নিজ স্বৰেৰে যিহোৱাৰ আগত মিনতি কৰিলোঁ। 2 মই মোৰ দুখৰ কথা তেওঁৰ আগত ভাঙি ক’লো, তেওঁৰ আগত মোৰ কষ্টৰ কথা জনালোঁঁ। 3 মোৰ আত্মা যেতিয়া অন্তৰত ব্যাকুল হয়, তেতিয়া তুমি মোৰ পথ জানা; মই অহা-যোৱা কৰা পথত লোকবোৰে মোৰ বাবে গোপনে ফান্দ পাতিলে; 4 মোৰ সোঁ ফালে দৃষ্টি কৰি চোৱা, মোৰ খবৰ লওঁতা কোনো নাই; মোৰ বাবে আশ্রয় স্থান নাই, মোৰ বাবে কোনেও চিন্তা নকৰে। 5 হে যিহোৱা, মই তোমাৰ ওচৰত ক্রন্দনৰে কৈছো, “তুমিয়েই মোৰ আশ্ৰয়, জীৱিত লোকৰ দেশত তুমিয়েই মোৰ অধিকাৰ।” 6 তুমি মোৰ কাকুতিলৈ মনোযোগ দিয়া, কিয়নো মই অতি অসহায় অৱস্থাত পৰিছোঁ; মোৰ তাড়নাকাৰীবোৰৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, কাৰণ তেওঁলোক মোতকৈ শক্তিশালী। 7 কাৰাগাৰৰ পৰা মোৰ প্রাণ মুক্ত কৰা, যেন মই তোমাৰ নামৰ ধন্যবাদ কৰিব পাৰোঁ; ধাৰ্মিকসকলে মোক চাৰিওফালে ঘেৰি ৰাখিব; কাৰণ তুমি মোলৈ প্রচুৰ মঙ্গল কৰিবা।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 142 / 150
×

Alert

×

Assamese Letters Keypad References