অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. [QS]যেতিয়া আমাৰ চিয়োনলৈ মনত পৰিছিল, [QE][QS]তেতিয়া বাবিলৰ নদীবিলাকৰ তীৰত বহি আমি কান্দিছিলোঁ। [QE]
2. [QS]সেই ঠাইৰ মাজত থকা বাইচি গছত, আমি আমাৰ বীণাবোৰ আৰি থৈছিলোঁ। [QE]
3. [QS]কিয়নো তাত আমাক বন্দী কৰি নিয়াসকলে আমাক গান গাবলৈ কৈছিল, [QE][QS]সেই উপদ্রৱকাৰীবোৰে আমাৰ পৰা আনন্দৰ গান শুনিবলৈ বিচাৰিছিল; [QE][QS]তেওঁলোকে কৈছিল, “আমাৰ আগত চিয়োনৰ এটি গীত গোৱা।” [QE]
4. [QS]আমি কেনেকৈ বিদেশী ভূমিত যিহোৱাৰ গীত-গান কৰিম? [QE]
5. [QS]হে যিৰূচালেম, মই যদি তোমাক পাহৰোঁ, [QE][QS]তেন্তে মোৰ সোঁ হাতৰ দক্ষতা যেন নিজে অকামিলা হৈ যায়।[* মোৰ সোঁ হাতৰ বীণা বজোৱা দক্ষতা যেন নিজে নিজে হেৰাই যায়। ] [QE]
6. [QS]যদি মই তোমাক সোঁৱৰণ নকৰোঁ, [QE][QS]যদি যিৰূচালেমক মোৰ সবাতোকৈ বেচি আনন্দৰ বিষয় বুলি নাভাৱো, [QE][QS]তেতিয়া মোৰ জিভা তালুত লাগি ধৰক।[† তেতিয়া মই পুনৰ গান গাব নোৱাৰা হওঁ। ] [QE]
7. [QS]হে যিহোৱা, যিৰূচালেমৰ ধ্বংসৰ দিনা ইদোমীয়াবোৰে যি কৰিছিল [QE][QS]তাক তেওঁলোকৰ বিৰুদ্ধে সোঁৱৰণ কৰা। [QE][QS]তেওঁলোকে কৈছিল, “উচ্ছেদ কৰা! যিৰূচালেমক উচ্ছেদ কৰা, [QE][QS]একেবাৰে ইয়াৰ ভেঁটি পর্যন্ত উচ্ছেদ কৰা।” [QE]
8. [QS]হে বাবিল কন্যা, তোমাক বিনাশ কৰা হ’ব; [QE][QS]তুমি আমাৰ প্রতি যেনে ৰূপে ব্যৱহাৰ কৰিলা, [QE][QS]ধন্য সেইজন, যিজনে তোমাকো তেনে ৰূপে প্ৰতিফল দিব। [QE]
9. [QS]ধন্য সেইজন, যি জনে তোমাৰ শিশুসকলক ধৰি শিলত আছাৰিব। [QE]
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 137 / 150
1 যেতিয়া আমাৰ চিয়োনলৈ মনত পৰিছিল, তেতিয়া বাবিলৰ নদীবিলাকৰ তীৰত বহি আমি কান্দিছিলোঁ। 2 সেই ঠাইৰ মাজত থকা বাইচি গছত, আমি আমাৰ বীণাবোৰ আৰি থৈছিলোঁ। 3 কিয়নো তাত আমাক বন্দী কৰি নিয়াসকলে আমাক গান গাবলৈ কৈছিল, সেই উপদ্রৱকাৰীবোৰে আমাৰ পৰা আনন্দৰ গান শুনিবলৈ বিচাৰিছিল; তেওঁলোকে কৈছিল, “আমাৰ আগত চিয়োনৰ এটি গীত গোৱা।” 4 আমি কেনেকৈ বিদেশী ভূমিত যিহোৱাৰ গীত-গান কৰিম? 5 হে যিৰূচালেম, মই যদি তোমাক পাহৰোঁ, তেন্তে মোৰ সোঁ হাতৰ দক্ষতা যেন নিজে অকামিলা হৈ যায়।[* মোৰ সোঁ হাতৰ বীণা বজোৱা দক্ষতা যেন নিজে নিজে হেৰাই যায়। ] 6 যদি মই তোমাক সোঁৱৰণ নকৰোঁ, যদি যিৰূচালেমক মোৰ সবাতোকৈ বেচি আনন্দৰ বিষয় বুলি নাভাৱো, তেতিয়া মোৰ জিভা তালুত লাগি ধৰক।[† তেতিয়া মই পুনৰ গান গাব নোৱাৰা হওঁ। ] 7 হে যিহোৱা, যিৰূচালেমৰ ধ্বংসৰ দিনা ইদোমীয়াবোৰে যি কৰিছিল তাক তেওঁলোকৰ বিৰুদ্ধে সোঁৱৰণ কৰা। তেওঁলোকে কৈছিল, “উচ্ছেদ কৰা! যিৰূচালেমক উচ্ছেদ কৰা, একেবাৰে ইয়াৰ ভেঁটি পর্যন্ত উচ্ছেদ কৰা।” 8 হে বাবিল কন্যা, তোমাক বিনাশ কৰা হ’ব; তুমি আমাৰ প্রতি যেনে ৰূপে ব্যৱহাৰ কৰিলা, ধন্য সেইজন, যিজনে তোমাকো তেনে ৰূপে প্ৰতিফল দিব। 9 ধন্য সেইজন, যি জনে তোমাৰ শিশুসকলক ধৰি শিলত আছাৰিব।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 137 / 150
×

Alert

×

Assamese Letters Keypad References