অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাঁৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া মচকীল নামে দায়ূদৰ ৰচিত গীত। } [QS]হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা, [QE][QS]মোৰ নিবেদনৰ সময়ত নিজকে লুকুৱাই নাৰাখিবা। [QE]
2. [QS]মোলৈ মনোযোগ কৰা, মোক উত্তৰ দিয়া; [QE]
3. [QS]শত্ৰুৰ কথাৰ কাৰণে, [QE][QS]দুষ্টৰ অত্যাচাৰৰ বাবে, [QE][QS]তেওঁলোকে মোলৈ আকস্মিক দুর্দশা মাতি আনিছে, [QE][QS]তেওঁলোকে ক্ৰোধেৰে মোক নির্যাতন চলাইছে। [QE]
4. [QS]মোৰ হৃদয়ত অত্যন্ত যন্ত্ৰণা পাইছে, [QE][QS]মৃত্যুৰ আশঙ্কাই মোক বেৰি ধৰিছে। [QE]
5. [QS]ভয় আৰু কঁপনিয়ে মোক আক্ৰমণ কৰিছে; [QE][QS]আতঙ্কিত হৈ ভয়াভিভূত হৈছোঁ। [QE]
6. [QS]মই কলোঁ, কপৌৰ দৰে মোৰ ডেউকা থকা হলে! [QE][QS]তেতিয়া মই উড়ি গৈ বিশ্ৰাম ললোহেঁতেন, [QE]
7. [QS]চোৱা, সেয়ে হোৱা হলে, মই দূৰলৈ উৰি গলোহেঁতেন; [QE][QS]গৈ অৰণ্যত বাস কৰিলোহেঁতেন। [চেলা] [QE]
8. [QS]প্ৰচণ্ড বতাহ আৰু ধুমুহাৰ পৰা, [QE][QS]শীঘ্ৰে মই আশ্ৰয় স্থানলৈ গলোহেঁতেন। [QE]
9. [QS]হে’ প্ৰভু, তেওঁলোকক ধ্বংস কৰা, তেওঁলোকৰ ভাষা বিশৃঙ্খল কৰা; [QE][QS]মই হিংস্রতা, শত্রুতা নগৰৰ ভিতৰত দেখিছোঁ। [QE]
10. [QS]তেওঁলোকে দিনে-ৰাতিয়ে গড়ৰ ওপৰেদি নগৰ ভ্ৰমি ফুৰে; [QE][QS]অপৰাধ আৰু দুষ্টতা তাৰ ভিতৰত আছে। [QE]
11. [QS]ইয়াৰ ভিতৰত মন্দতা আছে; [QE][QS]পথবোৰৰ পৰা উপদ্ৰৱ আৰু প্ৰতাৰণা নুগুচে। [QE]
12. [QS]কোনো শত্ৰুৱে যে মোক নিন্দা কৰিছে, এনে নহয়; [QE][QS]কৰা হলে, মই তাক সহিলোহেঁতেন; [QE][QS]মোক ঘিণাওঁতাই যে মোৰ বিৰুদ্ধে গৰ্ব্ব কৰিছে, এনে নহয়; [QE][QS]কৰা হলে, মই তাৰ পৰা নিজকে লুকুৱালোহেঁতেন। [QE]
13. [QS]কিন্তু যি তুমি, এজন আমাৰ দৰেই মানুহ; [QE][QS]মোৰ সঙ্গী মোৰ প্ৰণয়ৰ বন্ধু, তুমিয়েই তাক কৰিছা। [QE]
14. [QS]আমি একে-লগে মধুৰ সহযোগিতা কৰিছিলোঁ; [QE][QS]লোক সকলৰ সৈতে আমি ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ। [QE]
15. [QS]মৃত্যুৱে তেওঁলোকক অকস্মাৎ আক্ৰমণ কৰক, [QE][QS]জীয়াই জীয়াই চিয়োললৈ নামি যাওঁক; [QE][QS]কিয়নো তেওঁলোকৰ বাসস্থান আৰু মনত দুষ্টতা আছে। [QE]
16. [QS]মই হলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম; [QE][QS]তাতে যিহোৱাই মোক উদ্ধাৰ কৰিব। [QE]
17. [QS]গধূলি, ৰাতিপুৱা আৰু দুপৰীয়া সময়তো মই অভিযোগ কৰি ক্রন্দন কৰিম; [QE][QS]তাতে তেওঁ মোৰ মাত শুনিব। [QE]
18. [QS]কিয়নো মোৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অনেক আছিল; [QE][QS]মোৰ বিৰুদ্ধে হোৱা যুদ্ধৰ পৰা তেওঁ মোৰ প্ৰাণ নিৰাপদে ৰাখিলে। [QE]
19. [QS]ঈশ্বৰ, যি জন অৱশেষ অনাদি কালৰে পৰা আছে; [QE][QS]তেওঁ শুনিব আৰু তেওঁলোকক উত্তৰ দিব। [চেলা] [QE][QS]যি মানুহৰ পৰিবৰ্ত্তন নাই; [QE][QS]তেওঁলোকে ঈশ্বৰক ভয় নকৰে। [QE]
20. [QS]মোৰ বন্ধুৱে নিজৰে সৈতে শান্তিৰে থকাসকলৰ বিৰুদ্ধে হাত উঠালে; [QE][QS]তেওঁ নিজে কৰা নিয়মটি উলঙ্ঘন কৰিলে। [QE]
21. [QS]তেওঁৰ মুখ মাখনৰ নিচিনা কোমল, [QE][QS]কিন্তু তেওঁৰ অন্তৰ বিদ্রোহী; [QE][QS]তেওঁৰ কথাবোৰ তেলৰ দৰে তেলেতীয়া, [QE][QS]সেইবোৰ খাপৰ পৰা ওলোৱা তৰোৱালৰ নিচিনা। [QE]
22. [QS]যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; [QE][QS]তেওঁ ধাৰ্মিক লোকক কেতিয়াও পৰিবলৈ নিদিয়ে। [QE]
23. [QS]কিন্তু, হে ঈশ্বৰ, তুমিয়েই তেওঁলোকক বিনাশৰ গাতলৈ নমাই আনিবা; [QE][QS]ৰক্তপাত কৰা আৰু ছলনাকাৰী মানুহবোৰে আধা বয়সো নাপাব; [QE][QS]কিন্তু মই হ’লে, তোমাৰ ওপৰত ভাৰসা কৰিম। [QE]
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 55 / 150
1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাঁৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া মচকীল নামে দায়ূদৰ ৰচিত গীত। } হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা, মোৰ নিবেদনৰ সময়ত নিজকে লুকুৱাই নাৰাখিবা। 2 মোলৈ মনোযোগ কৰা, মোক উত্তৰ দিয়া; 3 শত্ৰুৰ কথাৰ কাৰণে, দুষ্টৰ অত্যাচাৰৰ বাবে, তেওঁলোকে মোলৈ আকস্মিক দুর্দশা মাতি আনিছে, তেওঁলোকে ক্ৰোধেৰে মোক নির্যাতন চলাইছে। 4 মোৰ হৃদয়ত অত্যন্ত যন্ত্ৰণা পাইছে, মৃত্যুৰ আশঙ্কাই মোক বেৰি ধৰিছে। 5 ভয় আৰু কঁপনিয়ে মোক আক্ৰমণ কৰিছে; আতঙ্কিত হৈ ভয়াভিভূত হৈছোঁ। 6 মই কলোঁ, কপৌৰ দৰে মোৰ ডেউকা থকা হলে! তেতিয়া মই উড়ি গৈ বিশ্ৰাম ললোহেঁতেন, 7 চোৱা, সেয়ে হোৱা হলে, মই দূৰলৈ উৰি গলোহেঁতেন; গৈ অৰণ্যত বাস কৰিলোহেঁতেন। *চেলা 8 প্ৰচণ্ড বতাহ আৰু ধুমুহাৰ পৰা, শীঘ্ৰে মই আশ্ৰয় স্থানলৈ গলোহেঁতেন। 9 হে’ প্ৰভু, তেওঁলোকক ধ্বংস কৰা, তেওঁলোকৰ ভাষা বিশৃঙ্খল কৰা; মই হিংস্রতা, শত্রুতা নগৰৰ ভিতৰত দেখিছোঁ। 10 তেওঁলোকে দিনে-ৰাতিয়ে গড়ৰ ওপৰেদি নগৰ ভ্ৰমি ফুৰে; অপৰাধ আৰু দুষ্টতা তাৰ ভিতৰত আছে। 11 ইয়াৰ ভিতৰত মন্দতা আছে; পথবোৰৰ পৰা উপদ্ৰৱ আৰু প্ৰতাৰণা নুগুচে। 12 কোনো শত্ৰুৱে যে মোক নিন্দা কৰিছে, এনে নহয়; কৰা হলে, মই তাক সহিলোহেঁতেন; মোক ঘিণাওঁতাই যে মোৰ বিৰুদ্ধে গৰ্ব্ব কৰিছে, এনে নহয়; কৰা হলে, মই তাৰ পৰা নিজকে লুকুৱালোহেঁতেন। 13 কিন্তু যি তুমি, এজন আমাৰ দৰেই মানুহ; মোৰ সঙ্গী মোৰ প্ৰণয়ৰ বন্ধু, তুমিয়েই তাক কৰিছা। 14 আমি একে-লগে মধুৰ সহযোগিতা কৰিছিলোঁ; লোক সকলৰ সৈতে আমি ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ। 15 মৃত্যুৱে তেওঁলোকক অকস্মাৎ আক্ৰমণ কৰক, জীয়াই জীয়াই চিয়োললৈ নামি যাওঁক; কিয়নো তেওঁলোকৰ বাসস্থান আৰু মনত দুষ্টতা আছে। 16 মই হলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম; তাতে যিহোৱাই মোক উদ্ধাৰ কৰিব। 17 গধূলি, ৰাতিপুৱা আৰু দুপৰীয়া সময়তো মই অভিযোগ কৰি ক্রন্দন কৰিম; তাতে তেওঁ মোৰ মাত শুনিব। 18 কিয়নো মোৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অনেক আছিল; মোৰ বিৰুদ্ধে হোৱা যুদ্ধৰ পৰা তেওঁ মোৰ প্ৰাণ নিৰাপদে ৰাখিলে। 19 ঈশ্বৰ, যি জন অৱশেষ অনাদি কালৰে পৰা আছে; তেওঁ শুনিব আৰু তেওঁলোকক উত্তৰ দিব। *চেলা যি মানুহৰ পৰিবৰ্ত্তন নাই; তেওঁলোকে ঈশ্বৰক ভয় নকৰে। 20 মোৰ বন্ধুৱে নিজৰে সৈতে শান্তিৰে থকাসকলৰ বিৰুদ্ধে হাত উঠালে; তেওঁ নিজে কৰা নিয়মটি উলঙ্ঘন কৰিলে। 21 তেওঁৰ মুখ মাখনৰ নিচিনা কোমল, কিন্তু তেওঁৰ অন্তৰ বিদ্রোহী; তেওঁৰ কথাবোৰ তেলৰ দৰে তেলেতীয়া, সেইবোৰ খাপৰ পৰা ওলোৱা তৰোৱালৰ নিচিনা। 22 যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; তেওঁ ধাৰ্মিক লোকক কেতিয়াও পৰিবলৈ নিদিয়ে। 23 কিন্তু, হে ঈশ্বৰ, তুমিয়েই তেওঁলোকক বিনাশৰ গাতলৈ নমাই আনিবা; ৰক্তপাত কৰা আৰু ছলনাকাৰী মানুহবোৰে আধা বয়সো নাপাব; কিন্তু মই হ’লে, তোমাৰ ওপৰত ভাৰসা কৰিম।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 55 / 150
×

Alert

×

Assamese Letters Keypad References