অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. [QS]ৰাতি মোৰ শয্যাত [QE][QS]মোৰ প্ৰাণৰ প্ৰিয়তমক মই বিচাৰিলো; [QE][QS]মই তেওঁক বিচাৰিলো, কিন্তু নাপালোঁ; [QE]
2. [QS]মই ভাবিলোঁ, “মই এতিয়া উঠি নগৰখনৰ মাজত ঘূৰি ফুৰিম; [QE][QS]ৰাস্তায় ৰাস্তায়, চকবোৰত ঘূৰি ফুৰিম; [QE][QS]তাত মই মোৰ প্রাণৰ প্রিয়তমক বিচাৰিম।” [QE][QS]মই তেওঁক বিচাৰিলোঁ, কিন্তু নাপালোঁ। [QE]
3. [QS]প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত, [QE][QS]মোক দেখা পালে। [QE][QS]মই তেওঁলোকক সুধিলোঁ, আপোনালোকে মোৰ প্ৰাণৰ প্ৰিয়তমক দেখিছিল নে?” [QE]
4. [QS]তেওঁলোকক পাৰ হৈ আগুৱাই যাওঁতেই, [QE][QS]মই মোৰ প্ৰাণৰ প্ৰিয়তমক দেখা পালোঁ। [QE][QS]তেওঁক ধৰি মোৰ মাতৃৰ ঘৰলৈ লৈ নহালৈকে, [QE][QS]মই তেওঁক এৰি নিদিলোঁ; [QE][QS]যি গৰাকীয়ে মোক গর্ভত ধাৰণ কৰিছিল, [QE][QS]মই তেওঁৰেই শোৱনি কোঠালিলৈ প্রিয়তমক লৈ আনিলো। [QE]
5. [PS]*ৰমণীসকলৰ প্রতি উক্তি: *[PE][QS]হে যিৰূচালেমৰ যুৱতীসকল, [QE][QS]কৃষ্ণসাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্রতিশ্রুতি দিয়া, [QE][QS]আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে [QE][QS]তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা। [QE]
6. [PS]*বিবাহৰ বাবে চলোমনৰ আগমণ *[PE][QS]মৰুভূমিৰ পৰা ধোঁৱাৰ স্তম্ভৰ দৰে সেই গৰাকী কোন আহিছে? [QE][QS]তেওঁ ব্যৱসায়ীৰ সকলো ধৰণৰ মছলাগুৰিৰ গন্ধ লৈ, [QE][QS]গন্ধৰস আৰু সুগন্ধি ধূপৰ সুবাসেৰে এক ধোঁৱাৰ স্তম্ভৰ দৰে আহিছে। [QE]
7. [QS]চোৱা, সৌৱা চলোমনৰ দোলা; [QE][QS]ষাঠিজন বীৰ যোদ্ধাই সেই দোলাক ঘেৰি ৰাখিছে; [QE][QS]তেওঁলোক ইস্রায়েলৰ শক্তিশালী সৈন্য। [QE]
8. [QS]তেওঁলোক সকলোৰে লগত আছে তৰোৱাল; [QE][QS]যুদ্ধত তেওঁলোক সুদক্ষ; [QE][QS]তৰোৱাল ককালত বান্ধি লৈ [QE][QS]তেওঁলোক প্ৰতিজন প্রস্তুত আছে ৰাতিৰ বিপদৰ কাৰণে। [QE]
9. [QS]ৰজা চলোমনে লিবানোনৰ কাঠেৰে নিজৰ বাবে, [QE][QS]এটি দোলা নির্মাণ কৰিলে। [QE]
10. [QS]দোলাৰ খুটাবোৰ ৰূপেৰে [QE][QS]পিছৰ ভাগ সোণেৰে, [QE][QS]আসনখন বেঙেনা বৰণীয়া কাপোৰেৰে তৈয়াৰী; [QE][QS]যিৰূচালেমৰ ৰমণীসকলৰ প্রেমেৰে [QE][QS]তাৰ ভিতৰ অংশ খচিত আৰু শোভিত কৰা হ’ল [QE]
11. [QS]হে চিয়োনৰ যুৱতীসকল, তোমালোক বাহিৰলৈ ওলাই আহাঁ, [QE][QS]চোৱা, ৰজা চলোমনে মুকুট পিন্ধি আছে; [QE][QS]তেওঁৰ বিবাহৰ দিনা, তেওঁৰ সেই মনৰ আনন্দৰ দিনা, [QE][QS]তেওঁৰ মাকে তেওঁক মুকুট পিন্ধাই দিছে। [QE]

ৰেকৰ্ডসমূহ

মুঠ 8 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 3 / 8
1 2 3 4 5 6 7 8
1 ৰাতি মোৰ শয্যাত মোৰ প্ৰাণৰ প্ৰিয়তমক মই বিচাৰিলো; মই তেওঁক বিচাৰিলো, কিন্তু নাপালোঁ; 2 মই ভাবিলোঁ, “মই এতিয়া উঠি নগৰখনৰ মাজত ঘূৰি ফুৰিম; ৰাস্তায় ৰাস্তায়, চকবোৰত ঘূৰি ফুৰিম; তাত মই মোৰ প্রাণৰ প্রিয়তমক বিচাৰিম।” মই তেওঁক বিচাৰিলোঁ, কিন্তু নাপালোঁ। 3 প্ৰহৰীবোৰে নগৰ ঘূৰি ফুৰি পহৰা দিয়াৰ সময়ত, মোক দেখা পালে। মই তেওঁলোকক সুধিলোঁ, আপোনালোকে মোৰ প্ৰাণৰ প্ৰিয়তমক দেখিছিল নে?” 4 তেওঁলোকক পাৰ হৈ আগুৱাই যাওঁতেই, মই মোৰ প্ৰাণৰ প্ৰিয়তমক দেখা পালোঁ। তেওঁক ধৰি মোৰ মাতৃৰ ঘৰলৈ লৈ নহালৈকে, মই তেওঁক এৰি নিদিলোঁ; যি গৰাকীয়ে মোক গর্ভত ধাৰণ কৰিছিল, মই তেওঁৰেই শোৱনি কোঠালিলৈ প্রিয়তমক লৈ আনিলো। 5 *ৰমণীসকলৰ প্রতি উক্তি: *হে যিৰূচালেমৰ যুৱতীসকল, কৃষ্ণসাৰ আৰু পথাৰৰ হৰিণবোৰৰ নামেৰে মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা। 6 বিবাহৰ বাবে চলোমনৰ আগমণ মৰুভূমিৰ পৰা ধোঁৱাৰ স্তম্ভৰ দৰে সেই গৰাকী কোন আহিছে? তেওঁ ব্যৱসায়ীৰ সকলো ধৰণৰ মছলাগুৰিৰ গন্ধ লৈ, গন্ধৰস আৰু সুগন্ধি ধূপৰ সুবাসেৰে এক ধোঁৱাৰ স্তম্ভৰ দৰে আহিছে। 7 চোৱা, সৌৱা চলোমনৰ দোলা; ষাঠিজন বীৰ যোদ্ধাই সেই দোলাক ঘেৰি ৰাখিছে; তেওঁলোক ইস্রায়েলৰ শক্তিশালী সৈন্য। 8 তেওঁলোক সকলোৰে লগত আছে তৰোৱাল; যুদ্ধত তেওঁলোক সুদক্ষ; তৰোৱাল ককালত বান্ধি লৈ তেওঁলোক প্ৰতিজন প্রস্তুত আছে ৰাতিৰ বিপদৰ কাৰণে। 9 ৰজা চলোমনে লিবানোনৰ কাঠেৰে নিজৰ বাবে, এটি দোলা নির্মাণ কৰিলে। 10 দোলাৰ খুটাবোৰ ৰূপেৰে পিছৰ ভাগ সোণেৰে, আসনখন বেঙেনা বৰণীয়া কাপোৰেৰে তৈয়াৰী; যিৰূচালেমৰ ৰমণীসকলৰ প্রেমেৰে তাৰ ভিতৰ অংশ খচিত আৰু শোভিত কৰা হ’ল 11 হে চিয়োনৰ যুৱতীসকল, তোমালোক বাহিৰলৈ ওলাই আহাঁ, চোৱা, ৰজা চলোমনে মুকুট পিন্ধি আছে; তেওঁৰ বিবাহৰ দিনা, তেওঁৰ সেই মনৰ আনন্দৰ দিনা, তেওঁৰ মাকে তেওঁক মুকুট পিন্ধাই দিছে।
মুঠ 8 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 3 / 8
1 2 3 4 5 6 7 8
×

Alert

×

Assamese Letters Keypad References