অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. [PS]হে ৰাজকন্যা, জোতা পিন্ধা তোমাৰ ভৰি দুখন [PE][QS]দেখাত কিমান যে ধুনীয়া! [QE][QS]তোমাৰ বক্র আকৃতিৰ দুটি কৰঙন মণি-মুক্তাৰ দৰে, [QE][QS]সেয়া যেন নিপুণ শিল্পকাৰৰ হাতৰ কার্য। [QE]
2. [PS]তোমাৰ নাভি এক গোলাকাৰ পাত্রৰ নিচিনা; [QE][QS]তাত মিশ্ৰিত দ্ৰাক্ষাৰসৰ অভাৱ নহয়। [QE][QS]তোমাৰ উদৰ ঘেঁহু ধানৰ এক দ’মৰ নিচিনা, [QE][QS]যাৰ চৌদিশ লিলি ফুলেৰে ঘেৰা। [QE]
3. [PS]তোমাৰ স্তন দুটা যেন [QE][QS]হৰিণীৰ দুটি পোৱালি, [QE][QS]এটি কৃষ্ণসাৰৰ যমজ পোৱালি। [QE]
4. [PS]হাতী-দাঁতৰ ওখ স্তম্ভৰ নিচিনা [QE][QS]তোমাৰ ডিঙিৰ গঠণ; [QE][QS]তোমাৰ নয়ন দুটি, হিচবোনত [QE][QS]বৎ–ৰব্বীম দুৱাৰৰ ওচৰত থকা পুখুৰীৰ নিচিনা; [QE][QS]তোমাৰ নাক লিবানোনৰ স্তম্ভৰ নিচিনা, যেন দম্মেচকলৈ [QE][QS]যি দম্মেচকৰ মুখ কৰি থকা লিবানোনৰ স্তম্ভ। [QE]
5. [PS]তোমাৰ ওপৰত থকা মূৰটো [QE][QS]কৰ্মিল পাহাৰৰ নিচিনা, আৰু [QE][QS]তোমাৰ মূৰৰ চুলিকোছা [QE][QS]ঘন বেঙেনা বৰণীয়া; [QE][QS]সেই চুলিকোছাই ৰজাক বন্দী কৰি ৰাখিছে। [QE]
6. [PS]হে মোৰ প্রিয়া, তোমাৰ আনন্দেৰে সৈতে তুমি যে কিমান সুন্দৰ আৰু মনোহৰ! [QE]
7. [PS]তোমাৰ দীৰ্ঘকায় গঠণ খাজুৰ গছৰ নিচিনা, [QE][QS]বুকুখন যেন দ্রাক্ষাগুটিৰ দুটা থোক। [QE]
8. [PS]মই মনতে ক’লো, “মই সেই খাজুৰ গছত উঠি তাৰ ডালবোৰ ধৰিম।” [QE][QS]তোমাৰ বক্ষযুগল দুথোপা দ্ৰাক্ষাগুটিৰ নিচিনা হওঁক, [QE][QS]তোমাৰ নিশ্বাসৰ ঘ্ৰাণ সুমথিৰা টেঙাৰ নিচিনা হওক; [QE]
9. [PS]তোমাৰ মূখৰ চুমা মোৰ বাবে [QE][QS]সকলোতকৈ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা[* তোমাৰ মুখ সকলোতকৈ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা হওঁক। ]। [QE][QS]সেই ৰস, ওঁঠ আৰু দাঁতৰ ওপৰেদি ধীৰে ধীৰে মোৰ প্রিয়ালৈ বাগৰি যাওঁক। [QE][PS]*প্রিয়াৰ কথা: *[PE]
10. [PS]মই মোৰ প্ৰিয়ৰ, [QE][QS]আৰু তেওঁৰ বাঞ্ছা মোলৈ; [QE]
11. [QS]হে মোৰ প্ৰিয়, ব’লা, আমি নগৰৰ বাহিৰলৈ যাওঁ, [QE][QS]আৰু ৰাতি গাৱঁ[† উত্তম বনৰীয়া ফুলত ]বোৰত গৈ থাকোঁগৈ। [QE]
12. [QS]ব’লা, আমি পুৱাতে উঠি দ্ৰাক্ষাবাৰীলৈ যাওঁ; [QE][QS]দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই, [QE][QS]তাৰ ফুল ফুলিছে নে নাই, [QE][QS]আৰু ডালিমৰ ফুল ফুলিছে নে নাই, তাক চাওঁগৈ; [QE][QS]তাত মই তোমাক মোৰ ভালপোৱা দান কৰিম। [QE]
13. [QS]দুদা [‡ ‘দুদা’ বা ‘মান্দ্রাক’ মূলতঃ ইব্ৰী ভাষাৰ পৰা আহিছে। ই এবিধ দীঘল পাট আৰু বেঙুনীয়া ৰঙৰ ফলৰ এবিধ ওখ গছ। ইয়াক ‘প্ৰেমৰ আপেল’ বুলিও কয়। যেতিয়া ইয়াক খোৱা হয়, তেতিয়া যৌন ইচ্ছা বৃ্দ্ধি হয় আৰু মহিলাক গর্ভধাৰণ কৰাত সহায় কৰে। ]ফলে নিজৰ সুঘ্ৰাণ বিতৰণ কৰিছে; [QE][QS]ন-পুৰণি সকলো ধৰণৰ ফল [QE][QS]আমি থকা ঠাইৰ দুৱাৰতে আছে। [QE][QS]হে মোৰ প্ৰিয়, মই তোমাৰ বাবেই এই সকলো সাঁচি ৰাখিছো। [QE]

ৰেকৰ্ডসমূহ

মুঠ 8 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 7 / 8
1 2 3 4 5 6 7 8
1 হে ৰাজকন্যা, জোতা পিন্ধা তোমাৰ ভৰি দুখন দেখাত কিমান যে ধুনীয়া! তোমাৰ বক্র আকৃতিৰ দুটি কৰঙন মণি-মুক্তাৰ দৰে, সেয়া যেন নিপুণ শিল্পকাৰৰ হাতৰ কার্য। 2 তোমাৰ নাভি এক গোলাকাৰ পাত্রৰ নিচিনা; তাত মিশ্ৰিত দ্ৰাক্ষাৰসৰ অভাৱ নহয়। তোমাৰ উদৰ ঘেঁহু ধানৰ এক দ’মৰ নিচিনা, যাৰ চৌদিশ লিলি ফুলেৰে ঘেৰা। 3 তোমাৰ স্তন দুটা যেন হৰিণীৰ দুটি পোৱালি, এটি কৃষ্ণসাৰৰ যমজ পোৱালি। 4 হাতী-দাঁতৰ ওখ স্তম্ভৰ নিচিনা তোমাৰ ডিঙিৰ গঠণ; তোমাৰ নয়ন দুটি, হিচবোনত বৎ–ৰব্বীম দুৱাৰৰ ওচৰত থকা পুখুৰীৰ নিচিনা; তোমাৰ নাক লিবানোনৰ স্তম্ভৰ নিচিনা, যেন দম্মেচকলৈ যি দম্মেচকৰ মুখ কৰি থকা লিবানোনৰ স্তম্ভ। 5 তোমাৰ ওপৰত থকা মূৰটো কৰ্মিল পাহাৰৰ নিচিনা, আৰু তোমাৰ মূৰৰ চুলিকোছা ঘন বেঙেনা বৰণীয়া; সেই চুলিকোছাই ৰজাক বন্দী কৰি ৰাখিছে। 6 হে মোৰ প্রিয়া, তোমাৰ আনন্দেৰে সৈতে তুমি যে কিমান সুন্দৰ আৰু মনোহৰ! 7 তোমাৰ দীৰ্ঘকায় গঠণ খাজুৰ গছৰ নিচিনা, বুকুখন যেন দ্রাক্ষাগুটিৰ দুটা থোক। 8 মই মনতে ক’লো, “মই সেই খাজুৰ গছত উঠি তাৰ ডালবোৰ ধৰিম।” তোমাৰ বক্ষযুগল দুথোপা দ্ৰাক্ষাগুটিৰ নিচিনা হওঁক, তোমাৰ নিশ্বাসৰ ঘ্ৰাণ সুমথিৰা টেঙাৰ নিচিনা হওক; 9 তোমাৰ মূখৰ চুমা মোৰ বাবে সকলোতকৈ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা[* তোমাৰ মুখ সকলোতকৈ উত্তম দ্ৰাক্ষাৰসৰ নিচিনা হওঁক। ]। সেই ৰস, ওঁঠ আৰু দাঁতৰ ওপৰেদি ধীৰে ধীৰে মোৰ প্রিয়ালৈ বাগৰি যাওঁক। *প্রিয়াৰ কথা: * 10 মই মোৰ প্ৰিয়ৰ, আৰু তেওঁৰ বাঞ্ছা মোলৈ; 11 হে মোৰ প্ৰিয়, ব’লা, আমি নগৰৰ বাহিৰলৈ যাওঁ, আৰু ৰাতি গাৱঁ উত্তম বনৰীয়া ফুলত বোৰত গৈ থাকোঁগৈ। 12 ব’লা, আমি পুৱাতে উঠি দ্ৰাক্ষাবাৰীলৈ যাওঁ; দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই, তাৰ ফুল ফুলিছে নে নাই, আৰু ডালিমৰ ফুল ফুলিছে নে নাই, তাক চাওঁগৈ; তাত মই তোমাক মোৰ ভালপোৱা দান কৰিম। 13 দুদা [‡ ‘দুদা’ বা ‘মান্দ্রাক’ মূলতঃ ইব্ৰী ভাষাৰ পৰা আহিছে। ই এবিধ দীঘল পাট আৰু বেঙুনীয়া ৰঙৰ ফলৰ এবিধ ওখ গছ। ইয়াক ‘প্ৰেমৰ আপেল’ বুলিও কয়। যেতিয়া ইয়াক খোৱা হয়, তেতিয়া যৌন ইচ্ছা বৃ্দ্ধি হয় আৰু মহিলাক গর্ভধাৰণ কৰাত সহায় কৰে। ]ফলে নিজৰ সুঘ্ৰাণ বিতৰণ কৰিছে; ন-পুৰণি সকলো ধৰণৰ ফল আমি থকা ঠাইৰ দুৱাৰতে আছে। হে মোৰ প্ৰিয়, মই তোমাৰ বাবেই এই সকলো সাঁচি ৰাখিছো।
মুঠ 8 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 7 / 8
1 2 3 4 5 6 7 8
×

Alert

×

Assamese Letters Keypad References