অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাঁৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া মচকীল নামে দায়ুদৰ ৰচিত গীত। জীফীয়াসকলে গৈ যেতিয়া ৰজা চৌলক জনাইছিল যে, “দায়ুদ তেওঁলোকৰ মাজত লুকাই আছে” - এইয়া সেই সময়ৰ ৰচিত গীত। } [QS]হে ঈশ্বৰ, তোমাৰ নামৰ দ্বাৰাই মোক উদ্ধাৰ কৰা; [QE][QS]তোমাৰ পৰাক্রমেৰে মোৰ দোষ মোচন কৰা। [QE]
2. [QS]হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা, [QE][QS]মোৰ মুখৰ কথালৈ কাণ দিয়া। [QE]
3. [QS]কিয়নো অন্য জাতিৰ লোকসকল মোৰ বিৰুদ্ধে উঠিছে, [QE][QS]হৃদয়হীন[* বিদেশী ] লোকে মোৰ প্ৰাণ লবলৈ বিচাৰিছে; [QE][QS]তেওঁলোকে নিজৰ সন্মুখত ঈশ্বৰক ঠাই নিদিয়ে। [চেলা] [QE]
4. [QS]কিন্তু ঈশ্ৱৰ মোৰ সহায়কৰ্তা; [QE][QS]ঈশ্বৰেই মোৰ জীৱন ধৰি ৰাখে[† সেই ঈশ্বৰ, যিসকলক তেওঁ সাবতি ধৰে। ]। [QE]
5. [QS]তেওঁ মোৰ শত্ৰুবোৰৰ অপৰাধৰ প্ৰতিশোধ ল’ব; [QE][QS]তোমাৰ বিশ্ৱস্ততাত তুমি তেওঁলোকক বিনষ্ট কৰা। [QE]
6. [QS]মই নিজ ইচ্ছাৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম; [QE][QS]হে যিহোৱা, মই তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো সেয়ে উত্তম। [QE]
7. [QS]কাৰণ তেওঁ মোক মোৰ সকলো সঙ্কটৰ পৰা উদ্ধাৰ কৰিলে; [QE][QS]মোৰ চকুৱে শত্ৰুবোৰৰ ওপৰত মোক জয়ী হোৱা দেখিলে। [QE]

ৰেকৰ্ডসমূহ

মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 54 / 150
1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: তাঁৰযুক্ত যন্ত্ৰেৰে গাবলগীয়া মচকীল নামে দায়ুদৰ ৰচিত গীত। জীফীয়াসকলে গৈ যেতিয়া ৰজা চৌলক জনাইছিল যে, “দায়ুদ তেওঁলোকৰ মাজত লুকাই আছে” - এইয়া সেই সময়ৰ ৰচিত গীত। } হে ঈশ্বৰ, তোমাৰ নামৰ দ্বাৰাই মোক উদ্ধাৰ কৰা; তোমাৰ পৰাক্রমেৰে মোৰ দোষ মোচন কৰা। 2 হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা, মোৰ মুখৰ কথালৈ কাণ দিয়া। 3 কিয়নো অন্য জাতিৰ লোকসকল মোৰ বিৰুদ্ধে উঠিছে, হৃদয়হীন* বিদেশী লোকে মোৰ প্ৰাণ লবলৈ বিচাৰিছে; তেওঁলোকে নিজৰ সন্মুখত ঈশ্বৰক ঠাই নিদিয়ে। *চেলা 4 কিন্তু ঈশ্ৱৰ মোৰ সহায়কৰ্তা; ঈশ্বৰেই মোৰ জীৱন ধৰি ৰাখে[† সেই ঈশ্বৰ, যিসকলক তেওঁ সাবতি ধৰে। ]। 5 তেওঁ মোৰ শত্ৰুবোৰৰ অপৰাধৰ প্ৰতিশোধ ল’ব; তোমাৰ বিশ্ৱস্ততাত তুমি তেওঁলোকক বিনষ্ট কৰা। 6 মই নিজ ইচ্ছাৰে তোমাৰ উদ্দেশ্যে বলি উৎসৰ্গ কৰিম; হে যিহোৱা, মই তোমাৰ নামৰ ধন্যবাদ কৰিম; কিয়নো সেয়ে উত্তম। 7 কাৰণ তেওঁ মোক মোৰ সকলো সঙ্কটৰ পৰা উদ্ধাৰ কৰিলে; মোৰ চকুৱে শত্ৰুবোৰৰ ওপৰত মোক জয়ী হোৱা দেখিলে।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 54 / 150
×

Alert

×

Assamese Letters Keypad References