অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {প্ৰধান বাদ্যকৰৰ নিমিত্তে: চোচন্নীম সুৰত গাবলগীয়া দায়ূদৰ ৰচিত গীত। } [QS]হে ঈশ্বৰ, মোক পৰিত্ৰাণ কৰা; [QE][QS]কিয়নো মই জলপ্লাৱনত ডিঙিলৈ ডুবি যাব ধৰিছোঁ। [QE]
2. [QS]মই গভীৰ বোকাত তল গৈছো, তাত থিয় হবলৈ ঠাই নাই; [QE][QS]গভীৰ জলত আহি পৰিলোঁ, ধল পানী মোৰ ওপৰৰে বৈ গৈছে। [QE]
3. [QS]মই কান্দি কান্দি ভাগৰিলোঁ, মোৰ ডিঙি শুকাই গ’ল; [QE][QS]মই ঈশ্বৰলৈ বাট চাই থাকোঁতে থাকোঁতে, মোৰ চকু দুৰ্ব্বল হৈ পৰিল। [QE]
4. [QS]অকাৰণে মোক ঘিণাওঁতাসকল মোৰ মূৰৰ চুলিতকৈয়ো অধিক; [QE][QS]অকাৰণে মোৰ শত্ৰু হৈ মোক নষ্ট কৰিব খোজাসকল অতি শক্তিশালী; [QE][QS]মই যি চূৰ কৰা নাই, তাক মই ওলোটাই দিব লাগে। [QE]
5. [QS]হে ঈশ্বৰ, তুমিয়েই মোৰ মুৰ্খতা জানি আছা; [QE][QS]আৰু মোৰ দোষবোৰ তোমাৰ আগত লুকাই নাথাকে। [QE]
6. [QS]হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমালৈ অপেক্ষা কৰাসকল মোৰ দ্বাৰাই যেন লাজত নপৰে; [QE][QS]হে ইস্ৰায়েলৰ ঈশ্বৰ, তোমাক বিচাৰাসকল মোৰ দ্বাৰাই অপমানিত নহওক। [QE]
7. [QS]তোমাত মই আসক্ত হোৱাৰ কাৰণে লোকসকলে মোক অপমানিত কৰে; [QE][QS]তেওঁলোকে মোক সম্পূর্ণ ভাবে অপদস্থ কৰিলে। [QE]
8. [QS]মই মোৰ ভাইসকলৰ মাজত বিদেশী হলোঁ; [QE][QS]তেওঁলোকে মোক বিদেশীৰ দৰে ব্যৱহাৰ কৰে। [QE]
9. [QS]কিয়নো তোমাৰ গৃহৰ কাৰণে হোৱা মোৰ উৎসাহ-অগ্নিয়ে মোক গ্ৰাস কৰিলে; [QE][QS]আৰু তোমাক নিন্দা কৰাবিলাকৰ নিন্দা মোৰ ওপৰত পৰিল। [QE]
10. [QS]যেতিয়া মই কান্দি কান্দি লঘোনেৰে মোৰ প্ৰাণক দুখ দিছিলোঁ[* উপবাসেৰে মই নিজকে নম্র কৰিছিলোঁ। ]; [QE][QS]তেতিয়া সেয়ে মোলৈ নিন্দাৰ কাৰণ হ’ল। [QE]
11. [QS]যেতিয়া মই চট কাপোৰ পিন্ধি দুখ প্রকাশ কৰিছিলোঁ; [QE][QS]তেতিয়া মই তেওঁলোকৰ দৃষ্টান্ত স্বৰূপ হলোঁ। [QE]
12. [QS]নগৰৰ দুৱাৰমুখত বহাসকলে মোৰ বিষয়ে কথা পাতে; [QE][QS]মই মতলীয়াবোৰৰ গানৰ বিষয় হলোঁ। [QE]
13. [QS]কিন্তু হে যিহোৱা, মই হলে সদায় তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ তাক তুমি গ্রহণ কৰা; [QE][QS]তোমাৰ অধিক দয়াৰ গুণে তোমাৰ পৰিত্ৰাণৰ সত্যতাত মোক উত্তৰ দিয়া। [QE]
14. [QS]বোকাৰ পৰা মোক উদ্ধাৰ কৰা, ডুবি যাবলৈ নিদিবা; [QE][QS]মোক ঘিণাওঁতাবোৰৰ পৰা আৰু গভীৰ জলৰ পৰাও মোক উদ্ধাৰ কৰা। [QE]
15. [QS]ধল পানীয়ে মোক তল নিনিয়াওক, গভীৰ জলে মোক গ্ৰাস নকৰক; [QE][QS]আৰু মৈদামৰ মুখ মোৰ ওপৰত বন্ধ নহওক। [QE]
16. [QS]হে যিহোৱা, মোৰ প্রার্থনাৰ উত্তৰ দিয়া, কিয়নো তোমাৰ প্ৰতিজ্ঞা বিশ্বস্ততা উত্তম; [QE][QS]তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোলৈ মুখ ঘূৰুৱা। [QE]
17. [QS]তোমাৰ দাসৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা; [QE][QS]কাৰণ মই সঙ্কটত আছোঁ; শীঘ্ৰে মোক উত্তৰ দিয়া। [QE]
18. [QS]তুমি মোৰ ওচৰ চাপি মোৰ প্ৰাণ মুক্ত কৰা; [QE][QS]মোৰ মুক্তিপণ দি শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা। [QE]
19. [QS]মোৰ অপযশ, লাজ, আৰু অপমান তুমিয়েই জানি আছা; [QE][QS]মোৰ সকলো প্রতিদ্বন্দী তোমাৰ আগত আছে। [QE]
20. [QS]তীব্র তিৰস্কাৰত মোৰ মন ভগ্ন হৈ দুখেৰে ভৰি পৰিল; [QE][QS]কোনোবাই মোক কৃপা কৰিব বুলি মই বাট চালোঁ, [QE][QS]কিন্তু কোনো নাছিল; শান্ত্বনা কৰাসকললৈ অপেক্ষা কৰিলোঁ, কিন্তু এজনো নাপালোঁ। [QE]
21. [QS]তেওঁলোকে মোক আহাৰৰ বাবে বিহ দিলে; [QE][QS]মোৰ পিয়াহত তেওঁলোকে মোক টেঙা ৰস পান কৰালে। [QE]
22. [QS]তেওঁলোকৰ আগত থকা আহাৰেই তেওঁলোকৰ ফান্দৰ দৰে হ’ব; [QE][QS]আৰু তেওঁলোকৰ সম্পত্তিয়ে তেওঁলোকক জালত পেলাব[† তেওঁলোকৰ উৎসর্গিত আহাৰে তেওঁলোকৰ বন্ধুৰ কাৰণে ফান্দ স্বৰূপ হ’ব। কিছুমান অনুলিপিত আছে - তেওঁলোকে নিৰাপদে আছোঁ বুলি ভাবে, তেতিয়া তেওঁলোক জালত পৰিব। ]। [QE]
23. [QS]তেওঁলোকে কেতিয়াও দেখা নাপাবলৈ তেওঁলোকৰ চকু অন্ধ হওক; [QE][QS]তুমি তেওঁলোকৰ কঁকাল সদায় কঁপি থকা কৰা। [QE]
24. [QS]তেওঁলোকৰ ওপৰত তোমাৰ অতিশয় ক্ৰোধ দেখুৱা; [QE][QS]তোমাৰ প্ৰচণ্ড ক্ৰোধে তেওঁলোকক আতঙ্কগ্রস্থ কৰক। [QE]
25. [QS]তেওঁলোকৰ বাসস্থান উচ্ছন্ন হওক; [QE][QS]তেওঁলোকৰ তম্বুত কোনেও বাস নকৰক। [QE]
26. [QS]কিয়নো তেওঁলোকক নির্যাতন কৰা জনকেই তুমি প্রহাৰ কৰা; [QE][QS]তেওঁলোকে তুমি শাস্তি দিয়া সকলৰ দুখৰ বিষয়ে কথা পাতে। [QE]
27. [QS]তুমি তেওঁলোকৰ অপৰাধৰ ওপৰত অপৰাধ যোগ দিয়া; [QE][QS]তেওঁলোকে তোমাৰ ধাৰ্মিকতাৰ ভাগী নহওক। [QE]
28. [QS]জীৱিতসকলৰ তালিকাৰ পৰা তেওঁলোকৰ নাম মচি পেলোৱা হওক; [QE][QS]আৰু ধাৰ্মিকসকলৰ লগত তেওঁলোকৰ নাম লিখা নহওক। [QE]
29. [QS]কিন্তু মই হলে, দুখ আৰু বেদনা পাইছো; [QE][QS]হে ঈশ্বৰ, তোমাৰ পৰিত্ৰাণে মোক উন্নত কৰক। [QE]
30. [QS]মই এটি গানেৰে ঈশ্বৰৰ নামৰ প্ৰশংসা কৰিম; [QE][QS]ধন্যবাদেৰে তেওঁক উল্লাসিত কৰিম। [QE]
31. [QS]তেওঁলোকৰ অনুগ্রহ যিহোৱালৈ ভতৰা গৰুতকৈ উত্তম; [QE][QS]নাইবা শিং আৰু খুৰা থকা ভতৰাতকৈয়ো, সেয়ে যিহোৱাক অধিক সন্তোষ দিব। [QE]
32. [QS]নম্ৰসকলে তাকে দেখি আনন্দিত হ’ব; [QE][QS]হে ঈশ্বৰক বিচাৰাসকল তোমালোকৰ হৃদয় পুনৰ্জীৱিত হওক। [QE]
33. [QS]কিয়নো যিহোৱাই দৰিদ্ৰসকললৈ কাণ পাতে; [QE][QS]আৰু তেওঁ নিজৰ বন্দীয়াৰসকলক হেয়জ্ঞান নকৰে। [QE]
34. [QS]আকাশ আৰু পৃথিবীয়ে তেওঁৰ প্ৰশংসা কৰক; [QE][QS]সাগৰ আৰু তাৰ মাজত চৰি ফুৰা সমুদায় প্ৰাণীয়ে তেওঁৰ স্তুতি কৰক। [QE]
35. [QS]কিয়নো ঈশ্বৰে চিয়োনক পৰিত্ৰাণ কৰিব আৰু যিহূদাৰ নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব; [QE][QS]লোকসকলে তাত বাস কৰি তাক অধিকাৰ কৰিব। [QE]
36. [QS]তেওঁৰ দাসবোৰৰ বংশয়ো তাক অধিকাৰ কৰিব; [QE][QS]তেওঁৰ নাম প্ৰেম কৰোঁতাসকলে তাত বাস কৰিব। [QE]

ৰেকৰ্ডসমূহ

মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 69 / 150
1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: চোচন্নীম সুৰত গাবলগীয়া দায়ূদৰ ৰচিত গীত। } হে ঈশ্বৰ, মোক পৰিত্ৰাণ কৰা; কিয়নো মই জলপ্লাৱনত ডিঙিলৈ ডুবি যাব ধৰিছোঁ। 2 মই গভীৰ বোকাত তল গৈছো, তাত থিয় হবলৈ ঠাই নাই; গভীৰ জলত আহি পৰিলোঁ, ধল পানী মোৰ ওপৰৰে বৈ গৈছে। 3 মই কান্দি কান্দি ভাগৰিলোঁ, মোৰ ডিঙি শুকাই গ’ল; মই ঈশ্বৰলৈ বাট চাই থাকোঁতে থাকোঁতে, মোৰ চকু দুৰ্ব্বল হৈ পৰিল। 4 অকাৰণে মোক ঘিণাওঁতাসকল মোৰ মূৰৰ চুলিতকৈয়ো অধিক; অকাৰণে মোৰ শত্ৰু হৈ মোক নষ্ট কৰিব খোজাসকল অতি শক্তিশালী; মই যি চূৰ কৰা নাই, তাক মই ওলোটাই দিব লাগে। 5 হে ঈশ্বৰ, তুমিয়েই মোৰ মুৰ্খতা জানি আছা; আৰু মোৰ দোষবোৰ তোমাৰ আগত লুকাই নাথাকে। 6 হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমালৈ অপেক্ষা কৰাসকল মোৰ দ্বাৰাই যেন লাজত নপৰে; হে ইস্ৰায়েলৰ ঈশ্বৰ, তোমাক বিচাৰাসকল মোৰ দ্বাৰাই অপমানিত নহওক। 7 তোমাত মই আসক্ত হোৱাৰ কাৰণে লোকসকলে মোক অপমানিত কৰে; তেওঁলোকে মোক সম্পূর্ণ ভাবে অপদস্থ কৰিলে। 8 মই মোৰ ভাইসকলৰ মাজত বিদেশী হলোঁ; তেওঁলোকে মোক বিদেশীৰ দৰে ব্যৱহাৰ কৰে। 9 কিয়নো তোমাৰ গৃহৰ কাৰণে হোৱা মোৰ উৎসাহ-অগ্নিয়ে মোক গ্ৰাস কৰিলে; আৰু তোমাক নিন্দা কৰাবিলাকৰ নিন্দা মোৰ ওপৰত পৰিল। 10 যেতিয়া মই কান্দি কান্দি লঘোনেৰে মোৰ প্ৰাণক দুখ দিছিলোঁ[* উপবাসেৰে মই নিজকে নম্র কৰিছিলোঁ। ]; তেতিয়া সেয়ে মোলৈ নিন্দাৰ কাৰণ হ’ল। 11 যেতিয়া মই চট কাপোৰ পিন্ধি দুখ প্রকাশ কৰিছিলোঁ; তেতিয়া মই তেওঁলোকৰ দৃষ্টান্ত স্বৰূপ হলোঁ। 12 নগৰৰ দুৱাৰমুখত বহাসকলে মোৰ বিষয়ে কথা পাতে; মই মতলীয়াবোৰৰ গানৰ বিষয় হলোঁ। 13 কিন্তু হে যিহোৱা, মই হলে সদায় তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ তাক তুমি গ্রহণ কৰা; তোমাৰ অধিক দয়াৰ গুণে তোমাৰ পৰিত্ৰাণৰ সত্যতাত মোক উত্তৰ দিয়া। 14 বোকাৰ পৰা মোক উদ্ধাৰ কৰা, ডুবি যাবলৈ নিদিবা; মোক ঘিণাওঁতাবোৰৰ পৰা আৰু গভীৰ জলৰ পৰাও মোক উদ্ধাৰ কৰা। 15 ধল পানীয়ে মোক তল নিনিয়াওক, গভীৰ জলে মোক গ্ৰাস নকৰক; আৰু মৈদামৰ মুখ মোৰ ওপৰত বন্ধ নহওক। 16 হে যিহোৱা, মোৰ প্রার্থনাৰ উত্তৰ দিয়া, কিয়নো তোমাৰ প্ৰতিজ্ঞা বিশ্বস্ততা উত্তম; তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোলৈ মুখ ঘূৰুৱা। 17 তোমাৰ দাসৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা; কাৰণ মই সঙ্কটত আছোঁ; শীঘ্ৰে মোক উত্তৰ দিয়া। 18 তুমি মোৰ ওচৰ চাপি মোৰ প্ৰাণ মুক্ত কৰা; মোৰ মুক্তিপণ দি শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা। 19 মোৰ অপযশ, লাজ, আৰু অপমান তুমিয়েই জানি আছা; মোৰ সকলো প্রতিদ্বন্দী তোমাৰ আগত আছে। 20 তীব্র তিৰস্কাৰত মোৰ মন ভগ্ন হৈ দুখেৰে ভৰি পৰিল; কোনোবাই মোক কৃপা কৰিব বুলি মই বাট চালোঁ, কিন্তু কোনো নাছিল; শান্ত্বনা কৰাসকললৈ অপেক্ষা কৰিলোঁ, কিন্তু এজনো নাপালোঁ। 21 তেওঁলোকে মোক আহাৰৰ বাবে বিহ দিলে; মোৰ পিয়াহত তেওঁলোকে মোক টেঙা ৰস পান কৰালে। 22 তেওঁলোকৰ আগত থকা আহাৰেই তেওঁলোকৰ ফান্দৰ দৰে হ’ব; আৰু তেওঁলোকৰ সম্পত্তিয়ে তেওঁলোকক জালত পেলাব[† তেওঁলোকৰ উৎসর্গিত আহাৰে তেওঁলোকৰ বন্ধুৰ কাৰণে ফান্দ স্বৰূপ হ’ব। কিছুমান অনুলিপিত আছে - তেওঁলোকে নিৰাপদে আছোঁ বুলি ভাবে, তেতিয়া তেওঁলোক জালত পৰিব। ]। 23 তেওঁলোকে কেতিয়াও দেখা নাপাবলৈ তেওঁলোকৰ চকু অন্ধ হওক; তুমি তেওঁলোকৰ কঁকাল সদায় কঁপি থকা কৰা। 24 তেওঁলোকৰ ওপৰত তোমাৰ অতিশয় ক্ৰোধ দেখুৱা; তোমাৰ প্ৰচণ্ড ক্ৰোধে তেওঁলোকক আতঙ্কগ্রস্থ কৰক। 25 তেওঁলোকৰ বাসস্থান উচ্ছন্ন হওক; তেওঁলোকৰ তম্বুত কোনেও বাস নকৰক। 26 কিয়নো তেওঁলোকক নির্যাতন কৰা জনকেই তুমি প্রহাৰ কৰা; তেওঁলোকে তুমি শাস্তি দিয়া সকলৰ দুখৰ বিষয়ে কথা পাতে। 27 তুমি তেওঁলোকৰ অপৰাধৰ ওপৰত অপৰাধ যোগ দিয়া; তেওঁলোকে তোমাৰ ধাৰ্মিকতাৰ ভাগী নহওক। 28 জীৱিতসকলৰ তালিকাৰ পৰা তেওঁলোকৰ নাম মচি পেলোৱা হওক; আৰু ধাৰ্মিকসকলৰ লগত তেওঁলোকৰ নাম লিখা নহওক। 29 কিন্তু মই হলে, দুখ আৰু বেদনা পাইছো; হে ঈশ্বৰ, তোমাৰ পৰিত্ৰাণে মোক উন্নত কৰক। 30 মই এটি গানেৰে ঈশ্বৰৰ নামৰ প্ৰশংসা কৰিম; ধন্যবাদেৰে তেওঁক উল্লাসিত কৰিম। 31 তেওঁলোকৰ অনুগ্রহ যিহোৱালৈ ভতৰা গৰুতকৈ উত্তম; নাইবা শিং আৰু খুৰা থকা ভতৰাতকৈয়ো, সেয়ে যিহোৱাক অধিক সন্তোষ দিব। 32 নম্ৰসকলে তাকে দেখি আনন্দিত হ’ব; হে ঈশ্বৰক বিচাৰাসকল তোমালোকৰ হৃদয় পুনৰ্জীৱিত হওক। 33 কিয়নো যিহোৱাই দৰিদ্ৰসকললৈ কাণ পাতে; আৰু তেওঁ নিজৰ বন্দীয়াৰসকলক হেয়জ্ঞান নকৰে। 34 আকাশ আৰু পৃথিবীয়ে তেওঁৰ প্ৰশংসা কৰক; সাগৰ আৰু তাৰ মাজত চৰি ফুৰা সমুদায় প্ৰাণীয়ে তেওঁৰ স্তুতি কৰক। 35 কিয়নো ঈশ্বৰে চিয়োনক পৰিত্ৰাণ কৰিব আৰু যিহূদাৰ নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব; লোকসকলে তাত বাস কৰি তাক অধিকাৰ কৰিব। 36 তেওঁৰ দাসবোৰৰ বংশয়ো তাক অধিকাৰ কৰিব; তেওঁৰ নাম প্ৰেম কৰোঁতাসকলে তাত বাস কৰিব।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 69 / 150
×

Alert

×

Assamese Letters Keypad References