অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. [QS]কিয় অস্থিৰ হৈ জাতি সমূহে যিহোৱাৰ বিৰুদ্ধাচৰণ কৰিছে? [QE][QS]কিয় লোক সমূহে অনর্থক ষড়যন্ত্র কৰিছে? [QE]
2. [QS]যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে, [QE][QS]শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে; [QE]
3. [QS]তেওঁলোকে কৈছে, “আহাঁ আমি তেওঁলোকৰ বন্ধন ছিঙি পেলাওঁ, [QE][QS]আমাৰ ওপৰৰ পৰা তেওঁলোকৰ শিকলিবোৰ পেলাই দিওঁ।” [QE]
4. [QS]যিহোৱাই স্বৰ্গৰ সিংহাসনত বহি হাঁহিছে; [QE][QS]যিহোৱাই তেওঁলোকক বিদ্রূপ কৰিছে। [QE]
5. [QS]তেওঁ ক্রোধ কৰি তেওঁলোকক ধমক দিব, [QE][QS]তেওঁৰ প্রচণ্ড ক্রোধে তেওঁলোকৰ মনত ভয় জন্মাব। [QE]
6. [QS]যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন[* ইয়াত উল্লেখিত ‘চিয়োন’ মৰিয়া পর্বত য’ত চলোমনে মন্দিৰ নির্মান কৰিছিল। ] পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।” [QE]
7. [QS]ৰজাই ক’ব, যিহোৱাই যি নির্দেশ দিছে, মই তাক ঘোষণা কৰিম; [QE][QS]যিহোৱাই মোক কৈছে, “তুমি মোৰ পুত্ৰ, আজিয়েই মই তোমাক পিতৃৰূপে জন্ম দিলোঁ। [QE]
8. [QS]তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, [QE][QS]পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব। [QE]
9. [QS]লোহাৰ দণ্ডৰে তুমি তেওঁলোকক ভাঙি পেলাবা; [QE][QS]কুমাৰৰ মাটিৰ পাত্ৰৰ দৰে তুমি তেওঁলোকক চূর্ণ-বিচূর্ণ কৰিবা।” [QE]
10. [QS]গতিকে, হে ৰজাসকল, এতিয়া তোমালোকে জ্ঞানেৰে বুজি চলিবা; [QE][QS]হে পৃথিবীৰ শাসনকর্তাসকল, সাৱধান হোৱা। [QE]
11. [QS]ভয়েৰে সৈতে যিহোৱাৰ সেৱা কৰা; উল্লাসিত হৈ কম্পন[† কিছুমান অনুলিপিত সন্তানকলক চুম্বনেৰে কম্পান কৰা বুলি লিখা আছে। ] কৰা। [QE]
12. [QS]তোমালোকে তেওঁৰ পুত্ৰক সন্মানেৰে চুমা[‡ কিছুমান অনুলিপিত সন্তানকলক চুম্বনেৰে কম্পান কৰা বুলি লিখা আছে। ] খোৱা, নহলে তেওঁ তোমালোকৰ ওপৰত ক্রুদ্ধ হ’ব, [QE][QS]তোমালোক নিজৰ পথতে বিনষ্ট হবা; [QE][QS]কিয়নো তেওঁৰ ক্ৰোধ নিমিষতে জ্বলি উঠিব পাৰে। [QE][QS]ধন্য সেইসকল, যিসকলে তেওঁত আশ্ৰয় লয়। [QE]

ৰেকৰ্ডসমূহ

মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 2 / 150
1 কিয় অস্থিৰ হৈ জাতি সমূহে যিহোৱাৰ বিৰুদ্ধাচৰণ কৰিছে? কিয় লোক সমূহে অনর্থক ষড়যন্ত্র কৰিছে? 2 যিহোৱা আৰু তেওঁৰ অভিষিক্তজনাৰ বিৰুদ্ধে পৃথিবীৰ ৰজাসকল একেলগে থিয় হৈছে, শাসনকর্তাসকলে একেলগে গোপন ষড়যন্ত্র কৰিছে; 3 তেওঁলোকে কৈছে, “আহাঁ আমি তেওঁলোকৰ বন্ধন ছিঙি পেলাওঁ, আমাৰ ওপৰৰ পৰা তেওঁলোকৰ শিকলিবোৰ পেলাই দিওঁ।” 4 যিহোৱাই স্বৰ্গৰ সিংহাসনত বহি হাঁহিছে; যিহোৱাই তেওঁলোকক বিদ্রূপ কৰিছে। 5 তেওঁ ক্রোধ কৰি তেওঁলোকক ধমক দিব, তেওঁৰ প্রচণ্ড ক্রোধে তেওঁলোকৰ মনত ভয় জন্মাব। 6 যিহোৱাই কৈছে, “ময়েই মোৰ পবিত্ৰ চিয়োন[* ইয়াত উল্লেখিত ‘চিয়োন’ মৰিয়া পর্বত য’ত চলোমনে মন্দিৰ নির্মান কৰিছিল। ] পৰ্ব্বতত মোৰ ৰজাক অভিষেক কৰিলোঁ।” 7 ৰজাই ক’ব, যিহোৱাই যি নির্দেশ দিছে, মই তাক ঘোষণা কৰিম; যিহোৱাই মোক কৈছে, “তুমি মোৰ পুত্ৰ, আজিয়েই মই তোমাক পিতৃৰূপে জন্ম দিলোঁ। 8 তুমি মোৰ ওচৰত বিচাৰা, তাতে মই তোমাক অধিকাৰৰ অৰ্থে জাতিবোৰ দিম, পৃথিবীৰ সকলো সীমা তোমাৰ অধিকাৰলৈ আহিব। 9 লোহাৰ দণ্ডৰে তুমি তেওঁলোকক ভাঙি পেলাবা; কুমাৰৰ মাটিৰ পাত্ৰৰ দৰে তুমি তেওঁলোকক চূর্ণ-বিচূর্ণ কৰিবা।” 10 গতিকে, হে ৰজাসকল, এতিয়া তোমালোকে জ্ঞানেৰে বুজি চলিবা; হে পৃথিবীৰ শাসনকর্তাসকল, সাৱধান হোৱা। 11 ভয়েৰে সৈতে যিহোৱাৰ সেৱা কৰা; উল্লাসিত হৈ কম্পন[† কিছুমান অনুলিপিত সন্তানকলক চুম্বনেৰে কম্পান কৰা বুলি লিখা আছে। ] কৰা। 12 তোমালোকে তেওঁৰ পুত্ৰক সন্মানেৰে চুমা[‡ কিছুমান অনুলিপিত সন্তানকলক চুম্বনেৰে কম্পান কৰা বুলি লিখা আছে। ] খোৱা, নহলে তেওঁ তোমালোকৰ ওপৰত ক্রুদ্ধ হ’ব, তোমালোক নিজৰ পথতে বিনষ্ট হবা; কিয়নো তেওঁৰ ক্ৰোধ নিমিষতে জ্বলি উঠিব পাৰে। ধন্য সেইসকল, যিসকলে তেওঁত আশ্ৰয় লয়।
মুঠ 150 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 2 / 150
×

Alert

×

Assamese Letters Keypad References