অসমীয়া বাইবেল

ইন্ডিয়ান রিভাইজড ভার্সন (ISV)
1. {অহলা আৰু অহলীবা নামেৰে দুজনী মহিলাৰ দৃষ্টান্ত। } [PS]যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2. “হে মনুষ্য সন্তান, দুজনী মহিলা আছিল; তেওঁলোক একেজনী মাতৃৰে জীয়েক।
3. তেওঁলোকে মিচৰত যৌৱন কালতেই বেশ্যাকৰ্ম কৰিছিল। আৰু সেই ঠাইতে তেওঁলোকে বেশ্যাকৰ্ম কৰিছিল। তেওঁলোকৰ পিয়াহ মোচৰা হৈছিল আৰু তাত তেওঁলোকৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপা হৈছিল।
4. তেওঁলোকৰ মাজৰ বৰ জনীৰ নাম অহলা আৰু তাইৰ ভনীয়েকৰ নাম অহলীবা। তেতিয়া তেওঁলোক মোৰ হ’ল আৰু তেওঁলোকে মোলৈ পো-জী প্ৰসৱ কৰিলে। তেওঁলোকৰ নামে এই বুজায়: অহলা মানে চমৰিয়া আৰু অহলীবা মানে যিৰূচালেম। [PE]
5. [PS]কিন্তু অহলা মোৰ পত্নী হৈ থাকোতেও, তাই বেশ্যাকৰ্ম কৰি থাকিল; তাইৰ প্ৰেমকাৰীসকলত তাই আসক্ত হ’ল, কিয়নো অচূৰ দেশৰ তেওঁলোক প্রভাৱশালী,
6. নীলবস্ত্ৰ পিন্ধা যি ৰাজ্যপাল আৰু তেওঁৰ বিষয়াসকল, সকলোৱেই মনোহৰ আৰু প্রভাৱশালী আছিল আৰু ঘোঁৰাৰ ওপৰত উঠা সকলো অশ্বাৰোহী আছিল!
7. সেই কাৰণে তাই তেওঁলোকৰ সৈতে বেশ্যাকৰ্ম কৰিলে, কিয়নো আটাইবোৰ অচূৰৰ মনোনীত লোক! আৰু তাই যিবোৰত আসক্ত হ’ল আৰু তেওঁলোকৰ আটাই প্রতিমাবোৰৰ দ্বাৰাই তাই নিজকে অশুচি কৰিলে।
8. কিয়নো মিচৰত থকা দিনৰে পৰা তাই নিজৰ বেশ্যালি এৰা নাছিল, যেতিয়া তাইৰ যৌৱন কালত তেওঁলোকে তাইৰ লগত শয়ন কৰিছিল আৰু তাইৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপিছিল আৰু যেতিয়া তেওঁলোকে তাইৰ লগত অধিক পৰিমানে বেশ্যাকৰ্ম কৰিছিল।
9. এই হেতুকে মই তাইৰ প্ৰেমকাৰীসকলৰ, তাইৰ সৈতে আসক্ত হোৱা সেই অচূৰীয়াসকলৰ হাতত তাইক শোধাই দিলোঁ!
10. তেওঁলোকে তাইৰ উলঙ্গতা প্ৰকাশ কৰিলে। তেওঁলোকে তাইৰ পো-জীসকলক লৈ গ’ল আৰু তাইক তৰোৱালেৰে বধ কৰিলে আৰু এইদৰে তাই আন মহিলাসকলৰ মাজত লজ্জিত হ’ল আৰু কিদৰে দণ্ড ভোগ কৰিলে। [PE]
11. [PS]তাইৰ ভনীয়েক অহলীবাই ইয়াক দেখিও, নিজ কামাসক্তত আৰু নিজ বায়েকৰ বেশ্যালিতকৈ অধিক হোৱা নিজ বেশ্যাকৰ্মত তাইতকৈ বেছি ভ্ৰষ্টা হ’ল!
12. অতি জাকজমক্কৈ বস্ত্ৰ পিন্ধা দেশাধিপতি আৰু শাসনকৰ্ত্তাসকলত, ঘোঁৰাৰ ওপৰত উঠা অশ্বাৰোহী তাইৰ ওচৰ-চুবুৰীয়া অচূৰীয়াসকলত তাই আসক্ত হ’ল! তেওঁলোক সকলোৱেই সবল আৰু মনোহৰ যুৱা আছিল।
13. আৰু মই দেখিলোঁ যে তাই নিজকে অশুচি কৰিলে। দুয়ো জনীয়ে একে পথ ল’লে। [PE]
14. [PS]তেতিয়া তাই নিজ বেশ্যালি আৰু আধিককৈ বঢ়ালে! কিয়নো তাই দেৱালত অঁকা পুৰুষসকলক, অৰ্থাৎ সেন্দুৰেৰে অঁকা কলদীয়াসকলৰ নক্সা দেখিলে,
15. তেওঁলোকৰ ককালত টঙালি বন্ধা আৰু তাৰে সৈতে মূৰত ওলোমি থকা পাগুৰি মৰা! তেওঁলোক সকলোৱেই দেখিবলৈ সেনাপতি দলৰ নিচিনা, যি বাবিলীয়াসকলৰ জন্মদেশ যেন দেখা যায়। [PE]
16. [PS]যেতিয়াই তাই তেওঁলোকক দেখিলে, তাই তেওঁলোকত আসক্ত হ’ল আৰু সেই কাৰণে কলদীয়া দেশলৈ তেওঁলোকৰ ওচৰলৈ দূত পঠিয়ালে।
17. তেতিয়া বাবিলীয়াসকল তাইৰ ওচৰলৈ আহি প্ৰেমশয্যাত উঠিল আৰু বেশ্যাকৰ্মেৰে তাইক অশুচি কৰিলে; তাই তেওঁলোকৰ দ্বাৰাই অশুচি হ’ল আৰু তেতিয়া তাই তাইৰ মনত তেওঁলোকৰ বিৰুদ্ধে ঘিণ লাগিল। [PE]
18. [QS]এইদৰে তাই নিজৰ বেশ্যালি প্ৰকাশ কৰি নিজৰ বিবস্ত্ৰতা অনাবৃত কৰিলে, [QE][QS]তেতিয়া মোৰ মনত তাইৰ বায়েকলৈ ঘিণ লগা নিচিনাকৈ তাইলৈকো মোৰ মনত ঘিণ লাগিল! [QE]
19. [QS]তেতিয়া তাই নিজ যৌৱন কাল সোঁৱৰণ কৰিলে আৰু নিজৰ বেশ্যালি আৰু অধিককৈ বৃদ্ধি কৰিলে, [QE][QS]যিদৰে তাই মিচৰ দেশত থাকোতে বেশ্যাকৰ্ম কৰিছিল! [QE]
20. [QS]সেই কাৰণে তাই নিজ প্রেমিকসকলৰ সৈতে আসক্ত হ’ল, [QE][QS]যিসকলৰ গাধৰ দৰে জননেন্দ্রিয় বিষয়ক আৰু ঘোঁৰাৰ বীৰ্যৰ নিচিনা বীৰ্য। [QE]
21. [QS]তাই আকৌ তাইৰ যৌৱন কালৰ ব্যভিচাৰ পুনৰায় কৰিবলৈ ধৰিলে, যেতিয়া মিচৰীয়াসকলে তাইৰ পিয়াহৰ মূৰ টিপিছিল। [QE][QS]কাৰণ তাইৰ যৌৱন কালৰ পিয়াহ! [QE]
22. [QS]এই হেতুকে, হে অহলীবা, প্ৰভু যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই তোমাৰ প্ৰেমকাৰীসকললৈ তোমাৰ বিৰুদ্ধে কৰিম! [QE][QS]যিসকলৰ পৰা তোমাৰ মনত ঘিণ আছিল, মই তেওঁলোকক তোমাৰ বিৰুদ্ধে উচটাম, তোমাৰ চাৰিওফালৰ পৰা তোমাৰ বিৰুদ্ধে তেওঁলোকক আনিম! [QE]
23. [QS]বাবিলীয়া আৰু আটাই কলদীয়াসকল! পকোদ, চোৱা আৰু কোৱাক! আৰু তেওঁলোকৰ সৈতে আটাই অচূৰীয়াসকলক! [QE][QS]সকলোৱেই প্রভাৱশালী মনোহৰ যুৱা! ৰাজ্যপাল আৰু বিষয়াসকল; তেওঁলোক সেনাপতি আৰু সন্মানিত লোক! তেওঁলোক আটাইবোৰ অশ্বাৰোহী।
24. তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ, ৰথ, গাড়ী আৰু বিশাল লোক সকলে সৈতে তোমাৰ বিৰুদ্ধে আহিব! [QE][QS]তেওঁলোকে ফৰ আৰু ঢাল লৈ আৰু শিৰোৰক্ষক টুপি পিন্ধি তোমাৰ অহিতে চাৰিওফালে বেহু পাতিব! [QE][QS]মই তেওঁলোকৰ হাতত বিচাৰভাৰ সমৰ্পণ কৰিম; তেতিয়া তেওঁলোকে তেওঁলোকৰ বিচাৰ অনুসাৰে তোমাৰ বিচাৰ কৰিব!
25. আৰু মই তোমাৰ বিৰুদ্ধে মোৰ অন্তৰ্জ্বালা প্ৰজ্বলিত কৰিম আৰু তেতিয়া তেওঁলোকে তোমালৈ ক্ৰোধ কৰিব! তেওঁলোকে তোমাৰ নাক আৰু কাণ কাটিব আৰু তোমাৰ অৱশিষ্ট ভাগ তৰোৱালৰ দ্বাৰাই পতিত হ’ব! তেওঁলোকে তোমাৰ পো-জীবোৰক লৈ যাব, যাতে তোমাৰ অৱশিষ্ট বংশ জুইত পোৰা হ’ব। [QE]
26. [PS]তেওঁলোকে তোমাক উলঙ্গও কৰিব আৰু তোমাৰ সুন্দৰ সুন্দৰ অলঙ্কাৰবোৰ নিব।
27. এইদৰে মই তোমাৰ পৰা তোমাৰ ব্যভিচাৰ আৰু মিচৰ দেশত অভ্যাস কৰা তোমাৰ বেশ্যালি নোহোৱা কৰিম। তুমি তেওঁলোকলৈ আৰু চকু তুলি হেঁপাহেৰে নাচাবা আৰু মিচৰলৈ কেতিয়াও সোঁৱৰণ নকৰিবা।’ [QE]
28. [PS]কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে, ‘চোৱা! যিবোৰলৈ তোমাৰ মনত ঘিণ আছিল, তুমি হিংসা কৰাবোৰৰ হাতত, মই তোমাক সেইসকলৰ হাতত শোধাই দিম।
29. তেওঁলোকে তোমাক ঘিণ কৰিব; তোমাৰ সকলো পৰিশ্ৰমৰ ফল নিব আৰু তোমাক উলঙ্গিনী আৰু বিবস্ত্ৰতা কৰি এৰিব। তেতিয়া তোমাৰ বেশ্যাকৰ্মৰ দ্বাৰাই হোৱা বিবস্ত্ৰতা, তোমাৰ ব্যভিচাৰ আৰু বেশ্যা-কাৰ্য্য প্ৰকাশ পাব! [QE]
30. [PS]তুমি বেশ্যাহৈ জাতি সমূহৰ পাছে পাছে যোৱাৰ কাৰণে, আৰু তুমি তেওঁলোকৈ প্রতিমাবোৰেৰে কলঙ্কিত হোৱাৰ কাৰণে এইবোৰ কাৰ্য তোমালৈ কৰা যাব।
31. তুমি তোমাৰ বায়েৰাৰ পথত গমন কৰিলা; এই হেতুকে মই তাইৰ পানপাত্ৰ তোমাৰ হাতত দিম।’ [QE]
32. [QS]প্ৰভু যিহোৱাই এই কথা কৈছে: ‘তুমি তোমাৰ বায়েৰাৰ দ আৰু বহল পানপাত্ৰত পান কৰিবা; [QE][QS]তুমি পৰিহাসৰ আৰু বিদ্ৰুপৰ বিষয় হ’বা - সেই পান পাত্ৰত বহুত ধৰে! [QE]
33. [QS]তুমি মাতলামি আৰু দুখেৰে পৰিপূৰ্ণ হ’বা; [QE][QS]সেয়ে তোমাৰ বায়েৰা চমৰিয়াৰ বিস্ময় আৰু ধ্বংসজনক পানপাত্ৰ! [QE]
34. [QS]তুমি তাত পান কৰিবা আৰু চুঁচি শেষ কৰি খাবা; তাৰ পাছত খোলাবোৰ চোবাবা আৰু নিজ স্তন বিদাৰিবা। [QE][QS]কিয়নো প্ৰভু যিহোৱাই ইয়াক ঘোষণা কৰিছে!’ এয়ে প্রভু যিহোৱাৰ ঘোষণা!। [QE]
35. [PS]এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে, ‘কিয়নো তুমি মোক পাহৰিলা, আৰু মোক পাছফাললৈ পেলালা; এই কাৰণে তুমিও তোমাৰ ব্যভিচাৰ আৰু বেশ্যাকৰ্মৰ ফল ভোগ কৰিবা’।” [QE]
36. [PS]যিহোৱাই মোক ক’লে “হে মনুষ্য সন্তান, তুমি অহলা আৰু অহলীবাৰ ওপৰত গোচৰ কৰিবা নে? তেন্তে তেওঁলোকৰ ঘিণলগীয়া কাৰ্যবোৰ তেওঁলোকক সোঁৱৰা।
37. কিয়নো তেওঁলোকে ব্যভিচাৰ কৰিলে, আৰু তেওঁলোকৰ হাতত তেজ লাগি আছে; তেওঁলোকে তেওঁলোকৰ প্রতিমাবোৰে সৈতে ব্যভিচাৰ কৰিলে আৰু তেওঁলোকে মোৰ কাৰণে প্ৰসৱ কৰা তেওঁলোকৰ সন্তান সকলক গ্ৰাসিত হ’বলৈ সেইবোৰৰ উদ্দেশ্যে জুইৰ মাজেদি সিহঁতক গমনো কৰালে! [QE]
38. [PS]তেওঁলোকে মোলৈ এইটোও কৰি থাকিলে: তেওঁলোকে মোৰ ধৰ্মধাম অশুচি কৰিলে আৰু মোৰ বিশ্ৰাম-দিনবোৰ সেই দিনাই অপবিত্ৰ কৰিলে।
39. কিয়নো, তেওঁলোকে তেওঁলোকৰ প্রতিমা বোৰৰ উদ্দেশ্যে নিজ নিজ সন্তান সকলক বধ কৰাৰ পাছত, সেই দিনাই মোৰ ধৰ্মধামলৈ আহি তাক অপবিত্ৰ কৰিলে! সেই বাবে চোৱা! মোৰ গৃহৰ মাজতে তেওঁলোকে কি প্ৰকাৰ কৰিলে! [QE]
40. [QS]তোমালোক দূৰৰ পৰা মানুহক আহিবলৈ মাতিলা, যিসকললৈ এজন দূত পঠোৱা হৈছিল - আৰু চোৱা! তেওঁলোক সঁচাকৈ আহিল; যিসকলৰ কাৰণে তুমি গা ধুলা, তোমাৰ চকুত কাজল দিলা আৰু অলঙ্কাৰেৰে নিজকে বিভূষিতা কৰিলা।
41. আৰু তুমি ৰাজকীয় শয্যাত বহিলা আৰু তাৰ আগত এখন মেজ সজোৱাত তাৰ ওপৰত তুমি মোৰ ধুপ আৰু মোৰ তেল থ’লা। [QE]
42. [PS]আৰু নিশ্চিন্তে থকা লোক সকলৰ কোলাহল তাইৰ তাত শুনা গ’ল আৰু সামান্য শ্ৰেণীৰ মানুহবোৰৰ লগত মৰুপ্রান্তৰ পৰা মতোৱালবোৰ অনা হ’ল তেওঁলোকে তোমালোক দুজনীৰ হাতত খাৰু আৰু মূৰত সুন্দৰ মুকুট পিন্ধাই দিলে। [QE]
43. [PS]তেতিয়া ব্যভিচাৰত বুঢ়ী হোৱাজনীৰ বিষয়ে মই কলোঁ, ‘তেওঁলোকে তাইৰ লগত আৰু তাই তেওঁলোকৰ লগত এতিয়া বেশ্যাকৰ্ম কৰিব।’
44. পাছত পুৰুষবোৰে বেশ্যাত গমন কৰা নিচিনাকৈ তেওঁলোকে তেওঁলোকৰ লগত গমন কৰিলে; এইদৰে তেওঁলোকে সেই দোষী ব্যভিচাৰিণী মহিলা অহলা আৰু অহলীবাত গমন কৰিলে!
45. কিন্তু ধাৰ্মিকসকলে ব্যভিচাৰিণীক আৰু ৰক্তপাতকাৰিণীক দণ্ড দিয়াৰ দৰে সিহঁত দুজনীক দণ্ড দিব, কিয়নো তেওঁলোক ব্যভিচাৰিণী; আৰু তেওঁলোকৰ হাতত তেজ লাগি আছে। [QE]
46. [PS]সেই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: মই তেওঁলোকৰ বিৰুদ্ধে সমাজক আনিম আৰু মই তেওঁলোকক ত্ৰাসৰ বিষয় আৰু লুটদ্ৰব্যস্বৰূপ হ’বলৈ দিম;
47. তেতিয়া সেই সমাজে তেওঁলোকলৈ শিল দলিয়াব আৰু নিজ নিজ তৰোৱালেৰে তেওঁলোকক ডোখৰ ডোখৰ কৰিব। তেওঁলোকে তেওঁলোকৰ পো-জীবোৰক বধ কৰিব, আৰু জুই লগাই তেওঁলোকৰ ঘৰবোৰ পুৰি পেলাব। [QE]
48. [PS]এইদৰে মই দেশৰ পৰা ব্যভিচাৰ দূৰ কৰিম আৰু সকলো মহিলাক তোমালোকৰ ব্যভিচাৰ মতে কাৰ্য কৰিবলৈ নিশিকিব।
49. তেতিয়া তেওঁলোকে তোমালোকৰ ব্যভিচাৰৰ বোজা তোমালোকৰ ওপৰত ৰাখিব আৰু তোমালোকে তোমালোকৰ প্রতিমাসম্বন্ধীয় পাপৰ ভাৰ ববা; তেতিয়া মই যে প্ৰভু যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা। [QE]

ৰেকৰ্ডসমূহ

মুঠ 48 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 23 / 48
1 {অহলা আৰু অহলীবা নামেৰে দুজনী মহিলাৰ দৃষ্টান্ত। } যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে, 2 “হে মনুষ্য সন্তান, দুজনী মহিলা আছিল; তেওঁলোক একেজনী মাতৃৰে জীয়েক। 3 তেওঁলোকে মিচৰত যৌৱন কালতেই বেশ্যাকৰ্ম কৰিছিল। আৰু সেই ঠাইতে তেওঁলোকে বেশ্যাকৰ্ম কৰিছিল। তেওঁলোকৰ পিয়াহ মোচৰা হৈছিল আৰু তাত তেওঁলোকৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপা হৈছিল। 4 তেওঁলোকৰ মাজৰ বৰ জনীৰ নাম অহলা আৰু তাইৰ ভনীয়েকৰ নাম অহলীবা। তেতিয়া তেওঁলোক মোৰ হ’ল আৰু তেওঁলোকে মোলৈ পো-জী প্ৰসৱ কৰিলে। তেওঁলোকৰ নামে এই বুজায়: অহলা মানে চমৰিয়া আৰু অহলীবা মানে যিৰূচালেম। 5 কিন্তু অহলা মোৰ পত্নী হৈ থাকোতেও, তাই বেশ্যাকৰ্ম কৰি থাকিল; তাইৰ প্ৰেমকাৰীসকলত তাই আসক্ত হ’ল, কিয়নো অচূৰ দেশৰ তেওঁলোক প্রভাৱশালী, 6 নীলবস্ত্ৰ পিন্ধা যি ৰাজ্যপাল আৰু তেওঁৰ বিষয়াসকল, সকলোৱেই মনোহৰ আৰু প্রভাৱশালী আছিল আৰু ঘোঁৰাৰ ওপৰত উঠা সকলো অশ্বাৰোহী আছিল! 7 সেই কাৰণে তাই তেওঁলোকৰ সৈতে বেশ্যাকৰ্ম কৰিলে, কিয়নো আটাইবোৰ অচূৰৰ মনোনীত লোক! আৰু তাই যিবোৰত আসক্ত হ’ল আৰু তেওঁলোকৰ আটাই প্রতিমাবোৰৰ দ্বাৰাই তাই নিজকে অশুচি কৰিলে। 8 কিয়নো মিচৰত থকা দিনৰে পৰা তাই নিজৰ বেশ্যালি এৰা নাছিল, যেতিয়া তাইৰ যৌৱন কালত তেওঁলোকে তাইৰ লগত শয়ন কৰিছিল আৰু তাইৰ জীয়াৰী কালৰ পিয়াহৰ মূৰ টিপিছিল আৰু যেতিয়া তেওঁলোকে তাইৰ লগত অধিক পৰিমানে বেশ্যাকৰ্ম কৰিছিল। 9 এই হেতুকে মই তাইৰ প্ৰেমকাৰীসকলৰ, তাইৰ সৈতে আসক্ত হোৱা সেই অচূৰীয়াসকলৰ হাতত তাইক শোধাই দিলোঁ! 10 তেওঁলোকে তাইৰ উলঙ্গতা প্ৰকাশ কৰিলে। তেওঁলোকে তাইৰ পো-জীসকলক লৈ গ’ল আৰু তাইক তৰোৱালেৰে বধ কৰিলে আৰু এইদৰে তাই আন মহিলাসকলৰ মাজত লজ্জিত হ’ল আৰু কিদৰে দণ্ড ভোগ কৰিলে। 11 তাইৰ ভনীয়েক অহলীবাই ইয়াক দেখিও, নিজ কামাসক্তত আৰু নিজ বায়েকৰ বেশ্যালিতকৈ অধিক হোৱা নিজ বেশ্যাকৰ্মত তাইতকৈ বেছি ভ্ৰষ্টা হ’ল! 12 অতি জাকজমক্কৈ বস্ত্ৰ পিন্ধা দেশাধিপতি আৰু শাসনকৰ্ত্তাসকলত, ঘোঁৰাৰ ওপৰত উঠা অশ্বাৰোহী তাইৰ ওচৰ-চুবুৰীয়া অচূৰীয়াসকলত তাই আসক্ত হ’ল! তেওঁলোক সকলোৱেই সবল আৰু মনোহৰ যুৱা আছিল। 13 আৰু মই দেখিলোঁ যে তাই নিজকে অশুচি কৰিলে। দুয়ো জনীয়ে একে পথ ল’লে। 14 তেতিয়া তাই নিজ বেশ্যালি আৰু আধিককৈ বঢ়ালে! কিয়নো তাই দেৱালত অঁকা পুৰুষসকলক, অৰ্থাৎ সেন্দুৰেৰে অঁকা কলদীয়াসকলৰ নক্সা দেখিলে, 15 তেওঁলোকৰ ককালত টঙালি বন্ধা আৰু তাৰে সৈতে মূৰত ওলোমি থকা পাগুৰি মৰা! তেওঁলোক সকলোৱেই দেখিবলৈ সেনাপতি দলৰ নিচিনা, যি বাবিলীয়াসকলৰ জন্মদেশ যেন দেখা যায়। 16 যেতিয়াই তাই তেওঁলোকক দেখিলে, তাই তেওঁলোকত আসক্ত হ’ল আৰু সেই কাৰণে কলদীয়া দেশলৈ তেওঁলোকৰ ওচৰলৈ দূত পঠিয়ালে। 17 তেতিয়া বাবিলীয়াসকল তাইৰ ওচৰলৈ আহি প্ৰেমশয্যাত উঠিল আৰু বেশ্যাকৰ্মেৰে তাইক অশুচি কৰিলে; তাই তেওঁলোকৰ দ্বাৰাই অশুচি হ’ল আৰু তেতিয়া তাই তাইৰ মনত তেওঁলোকৰ বিৰুদ্ধে ঘিণ লাগিল। 18 এইদৰে তাই নিজৰ বেশ্যালি প্ৰকাশ কৰি নিজৰ বিবস্ত্ৰতা অনাবৃত কৰিলে, তেতিয়া মোৰ মনত তাইৰ বায়েকলৈ ঘিণ লগা নিচিনাকৈ তাইলৈকো মোৰ মনত ঘিণ লাগিল! 19 তেতিয়া তাই নিজ যৌৱন কাল সোঁৱৰণ কৰিলে আৰু নিজৰ বেশ্যালি আৰু অধিককৈ বৃদ্ধি কৰিলে, যিদৰে তাই মিচৰ দেশত থাকোতে বেশ্যাকৰ্ম কৰিছিল! 20 সেই কাৰণে তাই নিজ প্রেমিকসকলৰ সৈতে আসক্ত হ’ল, যিসকলৰ গাধৰ দৰে জননেন্দ্রিয় বিষয়ক আৰু ঘোঁৰাৰ বীৰ্যৰ নিচিনা বীৰ্য। 21 তাই আকৌ তাইৰ যৌৱন কালৰ ব্যভিচাৰ পুনৰায় কৰিবলৈ ধৰিলে, যেতিয়া মিচৰীয়াসকলে তাইৰ পিয়াহৰ মূৰ টিপিছিল। কাৰণ তাইৰ যৌৱন কালৰ পিয়াহ! 22 এই হেতুকে, হে অহলীবা, প্ৰভু যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই তোমাৰ প্ৰেমকাৰীসকললৈ তোমাৰ বিৰুদ্ধে কৰিম! যিসকলৰ পৰা তোমাৰ মনত ঘিণ আছিল, মই তেওঁলোকক তোমাৰ বিৰুদ্ধে উচটাম, তোমাৰ চাৰিওফালৰ পৰা তোমাৰ বিৰুদ্ধে তেওঁলোকক আনিম! 23 বাবিলীয়া আৰু আটাই কলদীয়াসকল! পকোদ, চোৱা আৰু কোৱাক! আৰু তেওঁলোকৰ সৈতে আটাই অচূৰীয়াসকলক! সকলোৱেই প্রভাৱশালী মনোহৰ যুৱা! ৰাজ্যপাল আৰু বিষয়াসকল; তেওঁলোক সেনাপতি আৰু সন্মানিত লোক! তেওঁলোক আটাইবোৰ অশ্বাৰোহী। 24 তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ, ৰথ, গাড়ী আৰু বিশাল লোক সকলে সৈতে তোমাৰ বিৰুদ্ধে আহিব! তেওঁলোকে ফৰ আৰু ঢাল লৈ আৰু শিৰোৰক্ষক টুপি পিন্ধি তোমাৰ অহিতে চাৰিওফালে বেহু পাতিব! মই তেওঁলোকৰ হাতত বিচাৰভাৰ সমৰ্পণ কৰিম; তেতিয়া তেওঁলোকে তেওঁলোকৰ বিচাৰ অনুসাৰে তোমাৰ বিচাৰ কৰিব! 25 আৰু মই তোমাৰ বিৰুদ্ধে মোৰ অন্তৰ্জ্বালা প্ৰজ্বলিত কৰিম আৰু তেতিয়া তেওঁলোকে তোমালৈ ক্ৰোধ কৰিব! তেওঁলোকে তোমাৰ নাক আৰু কাণ কাটিব আৰু তোমাৰ অৱশিষ্ট ভাগ তৰোৱালৰ দ্বাৰাই পতিত হ’ব! তেওঁলোকে তোমাৰ পো-জীবোৰক লৈ যাব, যাতে তোমাৰ অৱশিষ্ট বংশ জুইত পোৰা হ’ব। 26 তেওঁলোকে তোমাক উলঙ্গও কৰিব আৰু তোমাৰ সুন্দৰ সুন্দৰ অলঙ্কাৰবোৰ নিব। 27 এইদৰে মই তোমাৰ পৰা তোমাৰ ব্যভিচাৰ আৰু মিচৰ দেশত অভ্যাস কৰা তোমাৰ বেশ্যালি নোহোৱা কৰিম। তুমি তেওঁলোকলৈ আৰু চকু তুলি হেঁপাহেৰে নাচাবা আৰু মিচৰলৈ কেতিয়াও সোঁৱৰণ নকৰিবা।’ 28 কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে, ‘চোৱা! যিবোৰলৈ তোমাৰ মনত ঘিণ আছিল, তুমি হিংসা কৰাবোৰৰ হাতত, মই তোমাক সেইসকলৰ হাতত শোধাই দিম। 29 তেওঁলোকে তোমাক ঘিণ কৰিব; তোমাৰ সকলো পৰিশ্ৰমৰ ফল নিব আৰু তোমাক উলঙ্গিনী আৰু বিবস্ত্ৰতা কৰি এৰিব। তেতিয়া তোমাৰ বেশ্যাকৰ্মৰ দ্বাৰাই হোৱা বিবস্ত্ৰতা, তোমাৰ ব্যভিচাৰ আৰু বেশ্যা-কাৰ্য্য প্ৰকাশ পাব! 30 তুমি বেশ্যাহৈ জাতি সমূহৰ পাছে পাছে যোৱাৰ কাৰণে, আৰু তুমি তেওঁলোকৈ প্রতিমাবোৰেৰে কলঙ্কিত হোৱাৰ কাৰণে এইবোৰ কাৰ্য তোমালৈ কৰা যাব। 31 তুমি তোমাৰ বায়েৰাৰ পথত গমন কৰিলা; এই হেতুকে মই তাইৰ পানপাত্ৰ তোমাৰ হাতত দিম।’ 32 প্ৰভু যিহোৱাই এই কথা কৈছে: ‘তুমি তোমাৰ বায়েৰাৰ দ আৰু বহল পানপাত্ৰত পান কৰিবা; তুমি পৰিহাসৰ আৰু বিদ্ৰুপৰ বিষয় হ’বা - সেই পান পাত্ৰত বহুত ধৰে! 33 তুমি মাতলামি আৰু দুখেৰে পৰিপূৰ্ণ হ’বা; সেয়ে তোমাৰ বায়েৰা চমৰিয়াৰ বিস্ময় আৰু ধ্বংসজনক পানপাত্ৰ! 34 তুমি তাত পান কৰিবা আৰু চুঁচি শেষ কৰি খাবা; তাৰ পাছত খোলাবোৰ চোবাবা আৰু নিজ স্তন বিদাৰিবা। কিয়নো প্ৰভু যিহোৱাই ইয়াক ঘোষণা কৰিছে!’ এয়ে প্রভু যিহোৱাৰ ঘোষণা!। 35 এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে, ‘কিয়নো তুমি মোক পাহৰিলা, আৰু মোক পাছফাললৈ পেলালা; এই কাৰণে তুমিও তোমাৰ ব্যভিচাৰ আৰু বেশ্যাকৰ্মৰ ফল ভোগ কৰিবা’।” 36 যিহোৱাই মোক ক’লে “হে মনুষ্য সন্তান, তুমি অহলা আৰু অহলীবাৰ ওপৰত গোচৰ কৰিবা নে? তেন্তে তেওঁলোকৰ ঘিণলগীয়া কাৰ্যবোৰ তেওঁলোকক সোঁৱৰা। 37 কিয়নো তেওঁলোকে ব্যভিচাৰ কৰিলে, আৰু তেওঁলোকৰ হাতত তেজ লাগি আছে; তেওঁলোকে তেওঁলোকৰ প্রতিমাবোৰে সৈতে ব্যভিচাৰ কৰিলে আৰু তেওঁলোকে মোৰ কাৰণে প্ৰসৱ কৰা তেওঁলোকৰ সন্তান সকলক গ্ৰাসিত হ’বলৈ সেইবোৰৰ উদ্দেশ্যে জুইৰ মাজেদি সিহঁতক গমনো কৰালে! 38 তেওঁলোকে মোলৈ এইটোও কৰি থাকিলে: তেওঁলোকে মোৰ ধৰ্মধাম অশুচি কৰিলে আৰু মোৰ বিশ্ৰাম-দিনবোৰ সেই দিনাই অপবিত্ৰ কৰিলে। 39 কিয়নো, তেওঁলোকে তেওঁলোকৰ প্রতিমা বোৰৰ উদ্দেশ্যে নিজ নিজ সন্তান সকলক বধ কৰাৰ পাছত, সেই দিনাই মোৰ ধৰ্মধামলৈ আহি তাক অপবিত্ৰ কৰিলে! সেই বাবে চোৱা! মোৰ গৃহৰ মাজতে তেওঁলোকে কি প্ৰকাৰ কৰিলে! 40 তোমালোক দূৰৰ পৰা মানুহক আহিবলৈ মাতিলা, যিসকললৈ এজন দূত পঠোৱা হৈছিল - আৰু চোৱা! তেওঁলোক সঁচাকৈ আহিল; যিসকলৰ কাৰণে তুমি গা ধুলা, তোমাৰ চকুত কাজল দিলা আৰু অলঙ্কাৰেৰে নিজকে বিভূষিতা কৰিলা। 41 আৰু তুমি ৰাজকীয় শয্যাত বহিলা আৰু তাৰ আগত এখন মেজ সজোৱাত তাৰ ওপৰত তুমি মোৰ ধুপ আৰু মোৰ তেল থ’লা। 42 আৰু নিশ্চিন্তে থকা লোক সকলৰ কোলাহল তাইৰ তাত শুনা গ’ল আৰু সামান্য শ্ৰেণীৰ মানুহবোৰৰ লগত মৰুপ্রান্তৰ পৰা মতোৱালবোৰ অনা হ’ল তেওঁলোকে তোমালোক দুজনীৰ হাতত খাৰু আৰু মূৰত সুন্দৰ মুকুট পিন্ধাই দিলে। 43 তেতিয়া ব্যভিচাৰত বুঢ়ী হোৱাজনীৰ বিষয়ে মই কলোঁ, ‘তেওঁলোকে তাইৰ লগত আৰু তাই তেওঁলোকৰ লগত এতিয়া বেশ্যাকৰ্ম কৰিব।’ 44 পাছত পুৰুষবোৰে বেশ্যাত গমন কৰা নিচিনাকৈ তেওঁলোকে তেওঁলোকৰ লগত গমন কৰিলে; এইদৰে তেওঁলোকে সেই দোষী ব্যভিচাৰিণী মহিলা অহলা আৰু অহলীবাত গমন কৰিলে! 45 কিন্তু ধাৰ্মিকসকলে ব্যভিচাৰিণীক আৰু ৰক্তপাতকাৰিণীক দণ্ড দিয়াৰ দৰে সিহঁত দুজনীক দণ্ড দিব, কিয়নো তেওঁলোক ব্যভিচাৰিণী; আৰু তেওঁলোকৰ হাতত তেজ লাগি আছে। 46 সেই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: মই তেওঁলোকৰ বিৰুদ্ধে সমাজক আনিম আৰু মই তেওঁলোকক ত্ৰাসৰ বিষয় আৰু লুটদ্ৰব্যস্বৰূপ হ’বলৈ দিম; 47 তেতিয়া সেই সমাজে তেওঁলোকলৈ শিল দলিয়াব আৰু নিজ নিজ তৰোৱালেৰে তেওঁলোকক ডোখৰ ডোখৰ কৰিব। তেওঁলোকে তেওঁলোকৰ পো-জীবোৰক বধ কৰিব, আৰু জুই লগাই তেওঁলোকৰ ঘৰবোৰ পুৰি পেলাব। 48 এইদৰে মই দেশৰ পৰা ব্যভিচাৰ দূৰ কৰিম আৰু সকলো মহিলাক তোমালোকৰ ব্যভিচাৰ মতে কাৰ্য কৰিবলৈ নিশিকিব। 49 তেতিয়া তেওঁলোকে তোমালোকৰ ব্যভিচাৰৰ বোজা তোমালোকৰ ওপৰত ৰাখিব আৰু তোমালোকে তোমালোকৰ প্রতিমাসম্বন্ধীয় পাপৰ ভাৰ ববা; তেতিয়া মই যে প্ৰভু যিহোৱা, সেই বিষয়ে তোমালোকে জানিবা।
মুঠ 48 অধ্যায়সমূহ, নিৰ্বাচিত কৰা হৈছে অধ্যায় 23 / 48
×

Alert

×

Assamese Letters Keypad References