Assamese বাইবেল
পৰম মুঠ 8 অধ্যায়সমূহ
পৰম অধ্যায় 8
1 অহ! তুমি মোৰ ভাইৰ নিচিনা হোৱা হ’লে, যি জনে মোৰ মাতৃৰ স্তন পান কৰিছে! তেতিয়া মই তোমাক বাহিৰত দেখা পালেও, তোমাক চুমা খাব পাৰিলোহেঁতেন; কোনেও মোক নিন্দা কৰিব নোৱাৰিলেহেঁতেন।
2 মই তোমাক মোৰ মাৰ ঘৰলৈ লৈ আনিলোহেঁতেন, আৰু তেওঁ মোক শিক্ষা দিব[* তুমি মোক শিক্ষা দিবা। ]। আৰু মই তোমাক মচলাযুক্ত দ্রাক্ষাৰস, আৰু তোমাক সুগন্ধি ডালিমৰ ৰস পান কৰালোহেঁতেন।
পৰম অধ্যায় 8
3 তেওঁৰ বাওঁ হাত মোৰ মূৰৰ তলত আছে, আৰু তেওঁৰ সোঁ হাতে মোক আঁকোৱালি ধৰিছে।
4 হে যিৰূচালেমৰ যুৱতীসকল, মোৰ ওচৰত প্রতিশ্রুতি দিয়া, আমাৰ প্ৰেমৰ সময় শেষ নোহোৱালৈকে তোমালোকে আমাৰ ভালপোৱাত বিঘিনি নিদিবা। *যিৰূচালেমৰ ৰমণীসকলৰ কথা: *
পৰম অধ্যায় 8
5 নিজ প্ৰিয়তমৰ ওপৰত ভাৰসা কৰি মৰুভূমিৰ পৰা সেই গৰাকী কোন আহিছে? *প্রিয়াৰ কথা: * যি ঠাইত তোমাৰ মাতৃয়ে গর্ভ ধাৰণ কৰি তোমাক জন্ম দিলে, যি ঠাইত তোমাক প্রসৱ কৰিলে, সেই সুমথিৰা† খুবানি, সুমথিৰা ৰঙৰ এবিধ টেঙা ফল টেঙাৰ গছৰ তলত মই তোমাক জগাই তুলিলোঁ।
পৰম অধ্যায় 8
6 মোহৰ মাৰাৰ দৰে তুমি মোক তোমাৰ হৃদয়ত, আৰু তোমাৰ বাহুত ৰাখা; কিয়নো ভালপোৱা মৃত্যুৰ দৰেই শক্তিশালী, কামনাৰ আবেগ চিয়োলৰ দৰে কঠোৰ; এক জ্বলি থকা অগ্নিশিখাৰ দৰে ই বিস্ফোৰিত হয়, ই আন সকলো জ্বলন্ত অগ্নিশিখাতকৈও উত্তপ্ত।
7 জল সমূহেও ভালপোৱাৰ শিখাক নুমাব নোৱাৰে, আৰু বন্যাৰ ধলেও তাক উটুৱাই নিব নোৱাৰে; যদি কোনোৱে ভালপোৱাৰ কাৰণে নিজৰ ঘৰৰ সৰ্ব্বস্ব দিয়ে, সেই সমর্পণ অৱশ্যেই তুচ্ছ কৰা হ’ব।
পৰম অধ্যায় 8
8 *যুৱতীৰ ককায়েকসকলৰ কথা; *আমাৰ এজনী সৰু ভনী আছে, তাইৰ আজিলৈকে বুকু উঠা নাই; যি দিনা তাইক বিবাহৰ প্রস্তাৱ দিব, আমি সেই ভনীৰ কাৰণে কি কৰিব পাৰোঁ?
9 তাইৰ বুকু যদি এক প্রাচীৰ হয়, তেন্তে আমি তাইৰ ওপৰত এটা ৰূপৰ মিনাৰ সাজিম। তাই যদি এক দুৱাৰ হয়, তেন্তে আমি এৰচ কাঠৰ তক্তাৰে তাক অলঙ্কৃত কৰি ৰাখিম। *ককায়েকসকললৈ যুৱতীৰ কথা: *
পৰম অধ্যায় 8
10 মই মোৰ প্রিয় দৃষ্টিত মই সম্পূর্ণ পৰিপক্ক, সেয়ে মই তেওঁৰ দৃষ্টিত অনুগ্রহপ্রাপ্ত[‡ মই এক প্রাচীৰ আছিলোঁ, কিন্তু এতিয়া মোৰ বক্ষযুগল মিনাৰৰ কোঁঠৰ নিচিনা, সেয়ে, মই সম্পূর্ণকৈ তেওঁৰ দৃষ্টিত অনুগ্ৰহ পাইছো। ]।
11 বাল-হামোনত চলোমনৰ এখন দ্ৰাক্ষাবাৰী আছে; তেওঁ তাক চোৱা-চিতা কৰিবলৈ কেইজনমান ৰখীয়াৰ হাতত তাক সমৰ্পণ কৰিছিল। তাৰ ফলৰ বেচ হিচাবে প্ৰতিজনে এক এক হাজাৰ চেকল[§ এক চেকল হ’ল, সেই সময়ত এজন গাৱঁলীয়া কর্মীৰ এদিনৰ হাজিৰা। ] ৰূপ দিবলগীয়া হৈছিল।
পৰম অধ্যায় 8
12 মোৰ নিজৰ দ্ৰাক্ষাবাৰী আছে, হে মোৰ প্রিয় চলোমন, সেই এক হাজাৰ চেকল তোমাৰেই আৰু দুশ চেকল ৰূপ তেওঁলোকৰ কাৰণে, যিসকলে ফলবোৰৰ চোৱাচিতা কৰে। *প্রিয়ৰ কথা: *
13 হে উদ্যানবাসিনী, তোমাৰ লগৰীয়া কেইজনে তোমাৰ স্বৰ শুনিবলৈ কাণ পাতি আছে; তাক মোকো শুনিবলৈ দিয়া। *প্রিয়াৰ কথা: *
পৰম অধ্যায় 8
14 হে মোৰ প্ৰিয়, শীঘ্ৰে আহা, সুগন্ধময় পাহাৰৰ ওপৰত তুমি কৃষ্ণসাৰৰ দৰে হোৱা; অথবা যুবা হৰিণৰ সদৃশ হোৱা।