Assamese বাইবেল

গীত মুঠ 150 অধ্যায়সমূহ

গীত

গীত অধ্যায় 77
গীত অধ্যায় 77

1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: যিদুথনৰ অৰ্থে আচফৰ ৰচিত গীত। } মই উচ্চ স্বৰেৰে ঈশ্বৰৰ আগত কাতৰোক্তি কৰিম; মই ঈশ্বৰৰ ওচৰত উচ্চ স্বৰেৰে কাতৰোক্তি কৰিম মোৰ ঈশ্বৰে মোৰ কথা শুনিব।

2 সঙ্কটৰ সময়ত মই যিহোৱাক বিচাৰিলো; গোটেই ৰাতি মোৰ হাত দুখন ঈশ্বৰৰ ফালে আগবঢ়াই মই প্রার্থনা কৰিলোঁ; মই ক্লান্ত হৈ নপৰো। মোৰ প্রাণে শান্ত্বনা পোৱা নাছিল।

গীত অধ্যায় 77

3 মই যেতিয়া ঈশ্বৰক চিন্তা কৰোঁ, তেতিয়া ক্রন্দন কৰোঁ; মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণ নিৰাশ হৈ পৰে। *চেলা

4 তুমিয়েই টোপনি যোৱাৰ পৰা মোৰ চকুৰ পিৰিকতিক মেলি ৰাখিলা; মই অতিশয় যাতনাত আছিলোঁ আৰু সেয়ে কথাও কব পৰা নাছিলো।

5 মই অতীতৰ কথাবোৰ চিন্তা কৰিছিলোঁ; অনেক অনেক বছৰৰ আগৰ কথা মই চিন্তা কৰিছিলোঁ।

গীত অধ্যায় 77

6 ৰাতিৰ সময়ত মই গোৱা গীতবোৰৰ বিষয়ে মোৰ মনত পৰে; ৰাতি মই মোৰ হৃদয়ত গভীৰ ভাৱে চিন্তা কৰিছিলোঁ; মই মনতে চিন্তা কৰোঁ আৰু মোৰ প্রাণে যি ঘটিল তাক বুজিবলৈ চেষ্টা কৰে[* মই মোৰ গীত সোঁৱৰন কৰো, মোৰ হৃদয়ত। ];

7 “যিহোৱাই মোক চিৰকালৰ বাবে ত্যাগ কৰিব নেকি? তেওঁ মোক পুনৰ কেতিয়াও দয়া নকৰিব নেকি?

গীত অধ্যায় 77

8 তেওঁৰ গভীৰ প্রেম চিৰদিনৰ কাৰণে শেষ হৈ গ’ল নেকি? তেওঁৰ প্ৰতিজ্ঞাবোৰো চিৰদিনৰ বাবে বিফল হৈ গ’ল নেকি?

9 ঈশ্বৰে কৃপা কৰিবলৈ পাহৰি গ’ল নেকি? তেওঁ খঙতে নিজৰ মমতাকো বন্ধ কৰি দিলে নেকি? *চেলা

10 মই কলোঁ, “মোৰ এইটোৱে দুখ যে সৰ্ব্বোপৰি জনাৰ সোঁ হাত সলনি হৈছে।”

গীত অধ্যায় 77

11 যিহোৱাই কৰা সকলো কাৰ্যৰ কথা মই সোঁৱৰিম; পূর্ব কালত তুমি কৰা আচৰিত কৰ্মবোৰ মই সোঁৱৰণ কৰিম।

12 তোমাৰ সকলো কাৰ্যৰ বিষয়ে মই ধ্যান কৰিম; তোমাৰ মহৎ কার্যবোৰ গভীৰ ভাৱে চিন্তা কৰিম।

13 হে ঈশ্বৰ, তোমাৰ পথ পবিত্ৰস্থান পবিত্ৰ; আমাৰ ঈশ্বৰৰ তুল্য জানো কোনো মহান ঈশ্বৰ আছে?

গীত অধ্যায় 77

14 তুমিয়েই সেই আচৰিত কৰ্ম কৰোঁতা ঈশ্বৰ; সকলো জাতিৰ মাজত তুমি তোমাৰ পৰাক্ৰমৰ পৰিচয় দিছা।

15 তুমি যাকোব আৰু যোচেফৰ বংশৰ সন্তান সকলক তোমাৰ শক্তিশালী হাতৰ বাহুৰে মুক্ত কৰিলা। *চেলা

16 হে ঈশ্বৰ, সমুদ্রৰ জল সমুদ্ৰ সমূহে তোমাক দেখিলে; জল § সমুদ্ৰ সমূহে তোমাক দেখি ভয় খালে; তাৰ গভীৰতা পর্যন্ত কঁপি উঠিল।

গীত অধ্যায় 77

17 মেঘে জলৰাশিক তললৈ ঢালি দিলে; আকাশত বজ্রই গৰ্জ্জন কৰিলে; তোমাৰ বিদ্যুতৰ কাঁড়বোৰ ইফালে সিফালে চমকিব ধৰিলে।

18 বা’মাৰলী বতাহত তোমাৰ বজ্ৰৰ ধ্বনি শুনা গ’ল; তোমাৰ বিজুলিৰ চমকে পৃথিৱী আলোকময় কৰিলে; পৃথিৱী কঁপি উঠিল আৰু জোকাৰ খালে।

19 সমুদ্ৰৰ মাজত তোমাৰ পথ আছিল; মহাজলৰাশিৰ মাজত তোমাৰ বাট আছিল; কিন্তু তোমাৰ ভৰিৰ চিহ্ন তাত দেখা নগল।

গীত অধ্যায় 77

20 মোচি আৰু হাৰোণৰ হতুৱাই মেৰ-ছাগৰ জাকৰ দৰে তুমি তোমাৰ লোকসকলক চলাই লৈ গৈছিলা।