Assamese বাইবেল

গীত মুঠ 150 অধ্যায়সমূহ

গীত

গীত অধ্যায় 70
গীত অধ্যায় 70

1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: দায়ুদৰ ৰচিত স্মৰণাৰ্থক গীত। } হে ঈশ্বৰ, মোক ৰক্ষা কৰা! হে যিহোৱা, শীঘ্রে মোক উদ্ধাৰ কৰিবলৈ আহা।

2 যিসকল লোকে মোৰ বিপদত সন্তুষ্ট হয়, তেওঁলোক অভিশপ্ত হৈ লাজ পাওক; মোৰ প্ৰাণ বিচাৰোঁতাসকল বঞ্চিত হৈ বিভ্রান্ত হওক।

3 যিসকলে মোক আহা আহা বোলে; তেওঁলোকে লাজ পাই উলটি যাওক।

গীত অধ্যায় 70

4 তোমাক বিচাৰোতাসকল তোমাত আনন্দ কৰি উল্লাসিত হওক; তোমাৰ পৰিত্ৰাণক প্ৰীতি কৰোঁতা সকলে “যিহোৱা মহিমান্বিত হওক” বুলি সদায় কওক।

5 কিন্তু মই হ’লে অভাবগ্রস্ত আৰু দৰিদ্ৰ; হে ঈশ্বৰ, মোৰ ওচৰলৈ শীঘ্ৰে আহাঁ; তুমি মোৰ সহায় আৰু মোৰ উদ্ধাৰকৰ্ত্তা; হে যিহোৱা, পলম নকৰিবা।