Assamese Bible

Psalms Total 150 Chapters

Psalms

Psalms Chapter 57
Psalms Chapter 57

1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে অল-তচহেৎ সুৰত গাবলগীয়া মিকটাম নামে দায়ূদৰ ৰচিত গীত। তেওঁ চৌলৰ সন্মুখৰ পৰা গুহালৈ পলাই যোৱা সময়ৰ গীত। } হে ঈশ্বৰ, মোক কৃপা কৰা, মোক কৃপা কৰা; কিয়নো মোৰ প্ৰাণে তোমাতেই আশ্রয় লৈছে; এনে কি, এই আপদবোৰ শেষ নহয়মানে, মই তোমাৰ ডেউকাৰ ছাঁত আশ্ৰয় লম।

2 মই সৰ্ব্বোপৰি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম, মোৰ কাৰ্যসাধক ঈশ্বৰক নিবেদন কৰিম।

Psalms Chapter 57

3 মোক গ্ৰাস কৰিব খোজা জনে নিন্দা কৰা সময়ত, তেওঁ স্বৰ্গৰ পৰা পঠাই মোক পৰিত্ৰাণ কৰিব; *চেলা ঈশ্বৰে নিজ দয়া আৰু সত্যতা পঠাই দিব।

4 মোৰ জীৱন শত্রুবোৰৰ মাজত আছে* মোৰ প্ৰাণ সিংহবোৰৰ মাজত আছে; , সেই লোকসকলৰ দাঁত বৰছা আৰু কাঁড় স্বৰূপ, আৰু যিবোৰৰ জিভা চোকা তৰোৱাল স্বৰূপ, এনে অগ্নি-শিখা স্বৰূপ মনুষ্য সন্তানবোৰৰ মাজত মই শুইছোঁ।

Psalms Chapter 57

5 হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক।

6 সিহঁতে মোৰ ভৰিলৈ জাল পাতিলে; মোৰ প্ৰাণ নত হৈছে। সিহঁতে মোৰ সন্মুখত গাত খানিলে; সিহঁত নিজেই তাৰ ভিতৰত পৰিল। *চেলা

Psalms Chapter 57

7 হে ঈশ্বৰ, মোৰ মন সুস্থিৰ হ’ল, মোৰ মন সুস্থিৰ হ’ল, মই গীত গাম, এনে কি, প্ৰশংসাৰ গান কৰিম।

8 হে মোৰ হৃদয়, সাৰ পোৱা; হে নেবল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম।

9 হে প্ৰভু, জাতিবিলাকৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম; লোক সকলৰ মাজত মই তোমাৰ প্ৰশংসাৰ গান কৰিম।

Psalms Chapter 57

10 কিয়নো তোমাৰ দয়াৰ মহত্ব স্বৰ্গলৈকে, আৰু তোমাৰ সত্যতা আকাশলৈকে।

11 হে ঈশ্বৰ, স্বৰ্গৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিবীৰ ওপৰত তোমাৰ গৌৰৱ হওক।