Assamese Bible

Psalms Total 150 Chapters

Psalms

Psalms Chapter 137
Psalms Chapter 137

1 যেতিয়া আমাৰ চিয়োনলৈ মনত পৰিছিল, তেতিয়া বাবিলৰ নদীবিলাকৰ তীৰত বহি আমি কান্দিছিলোঁ।

2 সেই ঠাইৰ মাজত থকা বাইচি গছত, আমি আমাৰ বীণাবোৰ আৰি থৈছিলোঁ।

3 কিয়নো তাত আমাক বন্দী কৰি নিয়াসকলে আমাক গান গাবলৈ কৈছিল, সেই উপদ্রৱকাৰীবোৰে আমাৰ পৰা আনন্দৰ গান শুনিবলৈ বিচাৰিছিল; তেওঁলোকে কৈছিল, “আমাৰ আগত চিয়োনৰ এটি গীত গোৱা।”

Psalms Chapter 137

4 আমি কেনেকৈ বিদেশী ভূমিত যিহোৱাৰ গীত-গান কৰিম?

5 হে যিৰূচালেম, মই যদি তোমাক পাহৰোঁ, তেন্তে মোৰ সোঁ হাতৰ দক্ষতা যেন নিজে অকামিলা হৈ যায়।[* মোৰ সোঁ হাতৰ বীণা বজোৱা দক্ষতা যেন নিজে নিজে হেৰাই যায়। ]

6 যদি মই তোমাক সোঁৱৰণ নকৰোঁ, যদি যিৰূচালেমক মোৰ সবাতোকৈ বেচি আনন্দৰ বিষয় বুলি নাভাৱো, তেতিয়া মোৰ জিভা তালুত লাগি ধৰক।[† তেতিয়া মই পুনৰ গান গাব নোৱাৰা হওঁ। ]

Psalms Chapter 137

7 হে যিহোৱা, যিৰূচালেমৰ ধ্বংসৰ দিনা ইদোমীয়াবোৰে যি কৰিছিল তাক তেওঁলোকৰ বিৰুদ্ধে সোঁৱৰণ কৰা। তেওঁলোকে কৈছিল, “উচ্ছেদ কৰা! যিৰূচালেমক উচ্ছেদ কৰা, একেবাৰে ইয়াৰ ভেঁটি পর্যন্ত উচ্ছেদ কৰা।”

8 হে বাবিল কন্যা, তোমাক বিনাশ কৰা হ’ব; তুমি আমাৰ প্রতি যেনে ৰূপে ব্যৱহাৰ কৰিলা, ধন্য সেইজন, যিজনে তোমাকো তেনে ৰূপে প্ৰতিফল দিব।

Psalms Chapter 137

9 ধন্য সেইজন, যি জনে তোমাৰ শিশুসকলক ধৰি শিলত আছাৰিব।