Assamese Bible
Psalms Total 150 Chapters
Psalms Chapter 12
1 {প্ৰধান বাদ্যকৰৰ নিমিত্তে: চমীনীৎ সুৰত গোৱা দায়ুদৰ ৰচিত গীত। } হে যিহোৱা সহায় কৰা; তোমাৰ ভক্তসকল নোহোৱা হ’ল; বিশ্বাসীসকল মনুষ্যৰ মাজৰ পৰা অদৃশ্য হৈ গ’ল।
2 মানুহে মানুহৰ ওচৰত মিছা কথা কয়; তেওঁলোকে তৈলমৰ্দনকাৰী ওঁঠ আৰু ছলনা ভৰা দুই মনৰ অন্তৰেৰে কথা কয়।
3 তেওঁলোকৰ তৈলমোদী ওঁঠ আৰু ভীষণ গর্বিত জিভাক যেন যিহোৱাই কাটি পেলায়;
Psalms Chapter 12
4 সেই সকলে কয়, “আমাৰ জিভাৰেই আমি জয় কৰিম; আমাৰ ওঁঠ যেতিয়া আমাৰ নিজৰেই, কোন আমাৰ ওপৰত প্ৰভু হ’ব?”
5 যিহোৱাই কৈছে, “দুখীসকলৰ উপদ্ৰৱ আৰু অভাৱীসকলৰ কেঁকনিৰ কাৰণে মই এতিয়া জাগি উঠিম। নিৰাপত্তা কামনা কৰা সকলক মই নিৰাপদে ৰাখিম।”
6 যিহোৱাৰ প্রতিজ্ঞাবোৰ বিশুদ্ধ। সেইবোৰ যেন মাটিত বহোৱা এক অগ্নিশালত শোধন কৰা ৰূপ; সাতবাৰকৈ বিশুদ্ধ কৰা ৰূপ।
Psalms Chapter 12
7 হে যিহোৱা, তুমিয়েই আমাক* তেওঁলোকক নিৰাপদে ৰাখিবা। এই কালৰ লোকসকলৰ হাতৰ পৰা চিৰকাল আমাক † তেওঁলোকক ৰক্ষা কৰিবা।
8 লোকসকলৰ মাজত যেতিয়া দুষ্টতা আদৰণীয় হয়, দুষ্টবোৰে তেতিয়া বিনা বাধাই চাৰিওফালে ঘূৰি ফুৰে।