বিচাৰ অধ্যায় 15
8 ইয়াকে কৈ তেওঁ নিৰ্দ্দয়ৰূপে সিহঁতক প্ৰহাৰ কৰি তেওঁলোকৰ অধিক লোকক বধ কৰিলে, পাছত তেওঁ এটম শিলৰ গুহালৈ গ’ল আৰু তাতেই বাস কৰিলে।
9 সেই সময়ত পলেষ্টীয়াসকলে যিহূদালৈ গ’ল। লেহী নামৰ ঠাইত তেওঁলোকে বিশ্রাম ল’লে আৰু তেওঁলোকৰ সৈন্যসকলে সেই ঠাইত তম্বু তৰি যুদ্ধৰ বাবে যুগুত হ’ল।
10 তাতে যিহূদাৰ মানুহবোৰে সুধিলে, “তোমালোকে আমাৰ বিৰুদ্ধে কিয় যুদ্ধ কৰিবলৈ উঠি আহিলা?” সিহঁতে ক’লে, “আমি চিমচোনক বান্ধিবলৈ আহিলোঁ, সি আমালৈ যেনে কৰিলে, আমিও তাক তেনে কৰিবলৈ আহিলোঁ।”
7