Assamese বাইবেল

ইয়ো মুঠ 42 অধ্যায়সমূহ

ইয়ো

ইয়ো অধ্যায় 25
ইয়ো অধ্যায় 25

1 {বিল্দদৰ তৃতীয় বক্তৃতা। }

2 তাতে চুহীয়া বিল্দাদদে পুনৰায় উত্তৰ কৰি ক’লে, প্ৰভুত্ব আৰু ভয়ানকতা তেওঁৰ লগত আছে; তেওঁ নিজৰ উচ্ছস্থানবোৰত শান্তি ৰাখে।

3 তেওঁৰ বাহিনীসকলৰ সংখ্যা আছে নে? আৰু তেওঁৰ দীপ্তি কাৰ ওপৰত প্ৰকাশিত নহয়?

ইয়ো অধ্যায় 25

4 তেন্তে ঈশ্বৰৰ আগত মানুহ কেনেকৈ ধাৰ্মিক হ’ব পাৰে? আৰু তিৰোতাৰ পৰা জন্মাজনে কেনেকৈ শুচি হ’ব পাৰে?

5 চোৱা, তেওঁৰ আগত চন্দ্ৰও দীপ্তিমান নহয়, আৰু তৰাবোৰো নিৰ্ম্মল নহয়।

6 তেনেহলে পোকৰূপ মনুষ্য কিমান কম পৰিমাণে শুচি হয়! আৰু কীট স্বৰূপ মনুষ্য-সন্তান কিমান কম পৰিমাণে পবিত্ৰ হয়!