হ্গ্গ অধ্যায় 2
10 ৰজা দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ নৱম মাহৰ চৌবিশ দিনৰ দিনা, ভাববাদী হগ্গয়ৰ দ্বাৰাই যিহোৱাৰ বাক্য আহিল,
11 “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘তুমি পুৰোহিতসকলক বিধানৰ বিষয়ে সোধা আৰু কোৱা:
12 কোনোৱে যদি নিজৰ বস্ত্রত পবিত্ৰ মাংস বান্ধি লৈ যায়, আৰু যদি পিঠা, সিজোৱা দাইল, দ্ৰাক্ষাৰস, তেল, বা আন কোনো খোৱা বস্তু তেওঁৰ সেই বান্ধি লৈ যোৱা বস্ত্রত লাগে, তেনেহ’লে সেই খোৱা বস্তুবোৰ পবিত্ৰ হ’ব নে’?”” পুৰোহিত সকলে উত্তৰ দি ক’লে, “নহ’ব।”
8