9 এতিয়া তোমালোকে অতি শীঘ্রেই পিতাৰ ওচৰলৈ গৈ তেওঁক কোৱাগৈ যে, “আপোনাৰ পুত্র যোচেফে এই কথা কৈছে, ‘ঈশ্বৰে মোক সমুদায় মিচৰ দেশৰ অধিপতি কৰিলে; আপুনি এতিয়া পলম নকৰি মোৰ ওচৰলৈ নামি আহঁক।
7
আদি অধ্যায় 45
10 আপুনি আহি গোচন এলেকাত বাস কৰিব; তাতে আপুনি আৰু আপোনাৰ ল’ৰা-ছোৱালী, আপোনাৰ নাতি-নাতিনী, আপোনাৰ পশু আৰু মেৰ-ছাগৰ জাককে আদি কৰি যি সকলো আপোনাৰ আছে, সেই সকলোবোৰ লৈ মোৰ কাষত থাকিব।
11 আপোনাৰ, আপোনাৰ পৰিয়ালৰ আৰু আপোনাৰ আন লোক সকলৰ যাতে কোনো অভাৱ নহয়, সেইবাবে মই সেই ঠাইতে আপোনালোকৰ বাবে যোগানৰ ব্যৱস্থা কৰিম। কিয়নো আকাল শেষ হ’বলৈ এতিয়াও পাঁচ বছৰ আছে।’
8
আদি অধ্যায় 45
12 মই যে নিজ মুখেৰে তোমালোকক এইবোৰ কৈছোঁ, ইয়াক তোমালোকে নিজৰ চকুৰে দেখা পাইছা আৰু মোৰ ভাই বিন্যামীনৰ চকুৱেও দেখিছে।