2 থিচলনীকীয়া অধ্যায় 3
প্ৰাৰ্থনাৰ কাৰণে অনুৰোধ 1 শেষতে, হে ভাইসকল, আমাৰ কাৰণে প্ৰাৰ্থনা কৰক। প্ৰার্থনা কৰক যাতে আপোনালোকৰ মাজত প্ৰভুৰ বাক্য যেনেকৈ দ্রুতগতিত প্ৰসাৰিত হৈছিল, তেনেকৈ বিস্তাৰিত আৰু গৌৰৱাম্বিত হওক;
2 প্ৰার্থনা কৰক যেন দুৰাচাৰী আৰু দুষ্ট লোকৰ হাতৰ পৰা আমি ৰক্ষা পাওঁ; কিয়নো, সকলো লোকৰ যে বিশ্বাস আছে, এনে নহয়।
3 কিন্তু, প্ৰভু বিশ্বাসী; তেৱেঁই আপোনালোকক সুস্থিৰ কৰিব আৰু দুষ্ট শক্তি চয়তানৰ হাতৰ পৰা ৰক্ষা কৰিব।
4