Assamese Bible

1 Chronicles Total 29 Chapters

1 Chronicles

1 Chronicles Chapter 4
1 Chronicles Chapter 4

1 {ইস্ৰায়েলৰ গোষ্ঠীসকলৰ বংশাৱলি। } যিহূদাৰ বংশধৰ পেৰচ, হিষ্ৰোণ, কৰ্ম্মী, হূৰ, আৰু চোবল।

2 চোবলৰ পুত্র ৰায়া। ৰায়াৰ পুত্র যহৎ। যহতৰ পুত্র অহূময় আৰু লহদ; এওঁলোক চৰায়ীয়াৰ গোষ্ঠী।

3 এওঁলোক এটমৰ নগৰৰ গোষ্ঠীৰ মূল লোক আছিল: যিজ্ৰিয়েল, যিচমা, আৰু যিদবচ। তেওঁলোকৰ ভনীয়েকৰ নাম হচ্ছলেলপোন;

1 Chronicles Chapter 4

4 গদোৰ নগৰৰ পনূৱেল গোষ্ঠীৰ মূল লোক আছিল। এজাৰ হূচাৰ গোষ্ঠীৰ মূল লোক আছিল। হূৰৰ বংশধৰ এওঁলোক, ইফ্ৰাথাৰ প্ৰথম সন্তান আৰু বৈৎলেহেমৰ মূল বংশ।

5 তকোৱাৰ পিতৃ অচহূৰৰ দুগৰাকী ভাৰ্য্যাৰ নাম হেলা আৰু নাৰা।

6 নাৰাৰ ঔৰসত অহূজ্জম, হেফৰ, তৈমিনী, আৰু হহস্তাৰী জন্ম হ’ল। এওঁলোক নাৰাৰ সন্তান।

7 হেলাৰ পুত্রসকল হ’ল চেৰৎ, যিচহৰ, আৰু ইৎনন।

1 Chronicles Chapter 4

8 আৰু হক্কোচৰ পুত্ৰসকল হ’ল আনূব, চোবেবা, আৰু এওঁলোক হাৰুমৰ পুত্র অহৰ্হেলৰ বংশধৰ।

9 যাবেচ তেওঁৰ ভাই-ককায়েকৰ মাজত সকলোতকৈ সন্মানীয় লোক আছিল। তেওঁৰ মাতৃয়ে তেওঁক যাবেচ* যাবেচ দুখদায়ক নাম দিছিল। তেওঁ কৈছিল, “কাৰণ মই তাক দুখেৰে জন্ম দিলোঁ।”

10 যাবেচে ইস্ৰায়েলৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “আপুনি কোনোমতে মোক আশীৰ্ব্বাদ দিলে, মোৰ সীমাও বঢ়াই দিলে, আপোনাৰ হাত মোৰ সঙ্গে সঙ্গে থাকিল, আৰু মই যেন দূখ নাপাবৰ বাবে মোক বেয়াৰ পৰা মোক ৰক্ষা কৰিলে বৰ ভাল হয়।” তাতে, ঈশ্বৰে তেওঁ খোজাৰ দৰে তেওঁক দিলে।

1 Chronicles Chapter 4

11 কলূবৰ ভয়েক চূহা মহীৰৰ পিতৃ আছিল, এও ইষ্টোনৰো পিতৃ আছিল।

12 ইষ্টোনৰ পুত্র বৈৎৰাফা, পাচেহ, আৰু তহিন্না, এওঁলোক ঈৰনাহচ নগৰৰ মূল লোক। এওঁলোকই ৰেকা নগৰৰ মূল লোক।

13 কনজৰ পুত্র অৎনীয়েল আৰু চৰায়া। অৎনীয়েলৰ পুত্র হথৎ আৰু মিয়োনোথৰ।

14 মিয়োনোথৰ পুত্র অফ্ৰা, আৰু চৰায়াৰ পুত্র যোৱাব, যিহাৰাচিমৰ মূল লোক, যাৰ লোকসকলে শিল্পকৰ্ম কৰিছিল।

1 Chronicles Chapter 4

15 যিফুন্নিৰ পুত্ৰ যি কালেব, তেওঁৰ পুত্র ঈৰ, এলা, আৰু নয়ম। এলাৰ পুত্র কনজ আছিল।

16 যিহল্লেলৰ পুত্র জীফ, জীফা, তীৰিয়া আৰু অচৰেল।

17 ইজ্ৰাৰ পুত্র যেথৰ, মেৰদ, এফৰ, আৰু যালোন। মেগেদৰ মিচৰীয়া ভাৰ্যাই মৰিয়ম, চম্ময়, আৰু যিচবহক জন্ম দিয়ে, যিচবহ ইষ্টমোৱাৰ পিতৃ আছিল।

18 তেওঁৰ যিহূদীয়া ভাৰ্যা যেৰদক জন্ম দিয়ে, যি জন গদোৰৰ পিতৃ হ’ল, হেবৰ চোকোৰৰ পিতৃ হ’ল। আৰু যিকোথীয়েলক জানোহৰ পিতৃ হ’ল। এওঁলোক মেৰদে বিয়া কৰোঁৱা ফৰৌণৰ জীয়েক বিথিয়াৰ সন্তান।

1 Chronicles Chapter 4

19 হোদিয়াৰ ভাৰ্যা নহমৰ ভনীয়েকৰ দুজন পুত্র, এজন গৰ্মীয়া কয়ীলাৰ পিতৃ হ’ল, আৰু আন জন মাখাথীয়া ইষ্টমোৱাৰ।

20 চীমোনৰ সন্তান অম্নোন, ৰিম্না, বিন-হানন, আৰু তীলোন। যিচীৰ পুত্র জোহেৎ আৰু বিনজোহেৎ।

21 যিহূদাৰ পুত্র চেলাৰ সন্তান সকল এওঁলোক: লেকাৰ পিতৃ এৰ, মাৰেচাৰ পিতৃ লদ্দা, অচবেয়াৰ বংশত জন্ম হোৱা লোক এওঁলোকে মিহি শণ সূতাৰে কাপোৰ বোৱা গোষ্ঠীৰ।

1 Chronicles Chapter 4

22 যোকীম, কোজেবাৰ লোক, যোৱাচ আৰু চাৰফৰ মোৱাবত সম্পত্তি আছিল, কিন্তু তেওঁলোক বৈৎলেহেমলৈ ঘূৰি আহিল। এইসকলো তথ্য পুৰণি লিপিৱদ্ধ তথ্যৰ পৰা পোৱা

23 তেওঁলোক কুমাৰ আছিল, তেওঁলোক নটয়িম আৰু গদেৰা নিবাসী, তেওঁলোক ৰজাৰ উদ্দেশে কাম কৰিছিল।

24 চিমিয়োনৰ বংশধৰ নমূৱেল, যামীন, যাৰীব, জেৰহ, আৰু চৌল;

25 চৌলৰ পুত্র চল্লুম, চল্লুমৰ পুত্র মিবচম, মিবচমৰ পুত্র মিচমা।

1 Chronicles Chapter 4

26 মিচমাৰ বংশধৰ তেওঁৰ পুত্র হমূৱেল, জক্কুৰ তেওঁৰ নাতি ল’ৰা, আৰু চিমিয়ী তেওঁৰ পৰিনাতি আছিল।

27 চিমিয়ীৰ ষোল্ল জন পুত্র আৰু ছয় জনী জীয়েক আছিল; কিন্তু তেওঁৰ ভায়েকসকলৰ সন্তান বেছি নাছিল, সেয়ে তেওঁলোকৰ সকলো গোষ্ঠী যিহূদাৰ সন্তান সকলৰ দৰে নাবাঢ়িল।

28 তেওঁলোক বেৰ-চেবা মোলাদা, আৰু হচৰ-চূৱালত বাস কৰিছিল।

1 Chronicles Chapter 4

29 তেওঁলোকে বিলহাত, এচমত, তোলদত,

30 বথূৱেলত, হৰ্মাত, চিক্লগত,

31 বৈৎ-মাৰ্কাবোতত, হচৰ-চূচীমত, বৈৎ-বিৰীত, আৰু চাৰয়িমতো বাস কৰিছিল; দায়ূদৰ ৰাজত্বলৈকে এইবোৰ নগৰ তেওঁলোকৰ হৈ আছিল।

32 এটম, ঐন, ৰিম্মোন, তোখন, আৰু আচন, এই পাঁচখন গাওঁ তেওঁলোকৰ আছিল।

33 আৰু তাৰ লগতে চাৰিওফালে বাললৈকে থকা গাওঁ তেওঁলোকৰ আছিল। এয়ে তেওঁলোকৰ বাস কৰা ঠাই। তেওঁলোকে নিজৰ বংশাৱলিত লিপিৱদ্ধ কৰি ৰাখিছিল।

1 Chronicles Chapter 4

34 মচোবব, যম্লেক, অমচিয়াৰ পুত্র যোচা,

35 যোৱেল আৰু অচীয়েলৰ পুত্র চৰায়া, চৰায়াৰ পুত্র যোচিবিয়া, যোচিবিয়াৰ পুত্র যেহূ;

36 ইলিয়োঐনয়, যাকোব, যিচোহায়া, অচায়া, অদীয়েল, যিচিমীয়েল, বনায়া,

37 আৰু চময়িয়াৰ পুত্র চিম্ৰী, চিম্ৰীৰ পুত্র যদায়া যদায়াৰ পুত্র অল্লোন, অল্লোনৰ পুত্র চিফি, চিফিৰ পুত্র জীজা, এওঁলোক গোষ্ঠীৰ নেতৃত্বত আছিল।

1 Chronicles Chapter 4

38 ওপৰত উল্লেখিত নামৰ লোকসকলৰ নিজৰ নিজৰ গোষ্ঠীৰ অধ্যক্ষ আছিল। আৰু তেওঁলোকৰ বংশ অতিশয়ৰূপে বৃদ্ধি পালে।

39 তেওঁলোকে নিজৰ পশুৰ জাকবোৰ চৰাবলৈ ঠাই বিচাৰিলে, আৰু গদোৰৰ পৰা বাহিৰলৈ ওলাই গৈ উপত্যকাৰ পূব দিশে গ’ল।

40 তাতে তেওঁলোকে বহুত ঘাঁহ থকা উত্তম চৰণীয়া ঠাই পালে; সেই দেশ বহল, নিৰ্জন, আৰু শান্তিপূৰ্ণ আছিল। সেই ঠাইত বাস কৰা পূৰ্বৰ লোকসকল হামৰ বংশৰ আছিল।

1 Chronicles Chapter 4

41 যিহূদাৰ ৰজা হিষ্কিয়া ৰাজত্ব কৰা সময়ত, ওপৰত উল্লেখ কৰা নামৰ লোকসকলে গৈ হামিতত বাস কৰা লোকসকলক আৰু মায়োনীয়াসকলক আক্রমণ কৰিলে, আৰু সেই সময়ত তেওঁলোক তাতে আছিল। তেওঁলোকে সেই লোকসকলক নিঃশেষে বিনষ্ট কৰিলে। পাছত তেওঁলোকে পশুৰ জাকৰ বাবে উপযুক্ত চৰণীয়া ঠাই বিচাৰি পোৱাত, তেওঁলোকে তাতে বাস কৰিলে।

42 তেওঁলোকৰ কেইজন মান লোক, অৰ্থাৎ চিমিয়োনৰ সন্তান সকলৰ মাজৰ পাঁচ শ জনে যিচীৰ পুত্র পলটিয়া, নিয়ৰিয়া, ৰফায়া, আৰু উজ্জীয়েলক সেনাপতি পাতি চেয়ীৰ পৰ্বতলৈ গ’ল।

1 Chronicles Chapter 4

43 পাছত অমালেকীয়া সকলৰ মাজৰ পৰা যি সকল লোক পলাই গৈ তাতে ৰক্ষা পাই আছিল, সেই লোকসকলক তেওঁলোকে বধ কৰিলে আৰু তেওঁলোকে পাছত তাতে নিবাস কৰিব ল’লে। আজিলৈকে তেওঁলোক তাতেই নিবাস কৰি আছে।